Bongaigaon:
হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিম খন কথাছবিৰৈ ৰৈ বিনালে’ আজি অসম সহ দেশৰ প্ৰায়বোৰ চহৰতে মুক্তি লাভ কৰে৷ পুৱাৰে পৰা আৰম্ভ হোৱা প্ৰথম দৰ্শনীত ৰাইজৰ অভূতপূৰ্ব সহাৰী ৷ হিলদলভাঙি ওলাই আহে জুবিন অনুৰাগী ৷দেশজুৰি ‘ৰৈ ৰৈ বিনালে’ৰ শুভমুক্তিৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল দেশবাসী ৷ অসমীয়া ছবি জগতত অভিলেখ ৰচিলে ছবিখনে ৷ ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰে দৰ্শক ৷

আনহাতে ৰৈ ৰৈ বিনালে’ উপভোগ কৰিবৰ বাবে আশাৰে বাট চাই থকা বঙাইগাঁৱৰ জলী মেক্স চিনেমা হলৰ দৰ্শকৰ আশাত পৰিল চেঁচাপানী । কিয়নো কাৰিকৰী বিজুতিৰ বাবে জলী মেক্স চিনেমা হলৰ প্ৰথম দৰ্শনী বাতিল হয়৷ ক্ষোভিত হৈ পৰা দৰ্শকে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰাত ঘটনাস্থলীত উপস্থিত হোৱা জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাসে কৰ্তৃপক্ষৰে এক আলোচনাত মিলিত হয়। আলোচনামৰ্মে দর্শনী বাতিল হোৱা দর্শকক বিনামূলীয়াকৈ শ্ব’ দেখুৱাব চিনেমা হল কর্তৃপক্ষই।ADVERTISEMENT




































