বৃক্কৰ ওপৰত চাপ বৃদ্ধি: প্র’টিন ভাঙিলে তেজত নাইট্ৰ’জেনৰ পৰিমাণ বাঢ়ি যায়।প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা এই অতিৰিক্ত নাইট্ৰ’জেন আঁতৰাবলৈ বৃক্কে স্বাভাৱিকতকৈ বহু বেছি কষ্ট কৰিব লগা হয়। দীর্ঘ সময়ৰ ভিতৰত এই অতিৰিক্ত চাপে বৃক্কৰ কাৰ্যক্ষমতা হ্রাস বা ক্ষতিগ্রস্ত কৰিব পাৰে।
পানীৰ অভাৱঃ বৃক্কে অতিৰিক্ত নাইট্ৰ’জেন আঁতৰাই দিলে শৰীৰৰ পৰা বৃহৎ পৰিমাণৰ পানী নির্গত হয়। ফলত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে। পর্যাপ্ত পৰিমাণৰ পানী নোখোৱাটোৱে পানীৰ অভাৱৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যা: উচ্চ প্র’টিনযুক্ত খাদ্যত প্রায়ে আঁহ কম থাকে। আঁহ কম হ’লে পাচন প্রক্রিয়া লেহেমীয়া হয়। ইয়াৰ ফলত পেটৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, গেছ, বা বদহজম হ’ব পাৰে।
ওজন বৃদ্ধি: শৰীৰৰ প্ৰয়োজনতকৈ অধিক প্ৰ’টিন সেৱন কৰিলে অতিৰিক্ত প্ৰ’টিন চর্বি হিচাপে জমা হৈ থাকিব পাৰে। অধিক প্র’টিন, বিশেষকৈ ৰঙা মাংস বা উচ্চ চর্বিযুক্ত দুগ্ধজাত সামগ্ৰী খালে কেলৰিৰ পৰিমাণ বৃদ্ধি পায় আৰু সময়ৰ লগে লগে ওজন বৃদ্ধি পায়।
হৃদৰোগৰ আশংকা: অতিৰিক্ত প্ৰ’টিনৰ উৎস হিচাপে ৰঙা মাংস আৰু উচ্চ চর্বিযুক্ত খাদ্য সঘনাই সেৱন কৰিলে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্রা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত দীর্ঘকালীনভাৱে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।






























