শ্বাহৰুখ খানৰ কোন বিষয়টো সবাতোকৈ ‘যৌন আবেদনময়’? সম্প্রতি এনে এক প্ৰশ্নৰ সন্মুখীন হৈছিল প্রিয়ংকা চোপ্ৰা। অৱশ্যে এই প্ৰশ্নৰ উত্তৰ দিয়াত কোনো ধৰণৰ ইতস্ততঃবোধ কৰা নাছিল অভিনেত্ৰীগৰাকীয়ে। প্রিয়ংকাই লগতে জনাইছে যে নিজে অভিনয় কৰিবলৈ আৰম্ভ কৰাৰ পূৰ্বৰে পৰা তেওঁ শ্বাহৰুখৰ প্ৰতি মুগ্ধ হৈছিল।
পৰৱৰ্তী সময়ত ‘ডন’ ছবিত দুয়ো যুটি বান্ধিছিল। আনকি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা বুলিও চর্চা হৈছিল। সম্প্রতি এক সাক্ষাৎকাৰত প্ৰিয়ংকাক প্রশ্ন কৰা হৈছিল যে শ্বাহৰুখৰ কোন বিষয়ত সবাতোকৈ বেছি যৌন আবেদন আছে?
ইয়াৰ উত্তৰত প্ৰিয়ংকাই কয়, ‘সকলোতে। তেওঁ মোৰ সবাতোকৈ পছন্দৰ। ‘সূৰ্য হোৱা মধ্যম’ গীতত ঢিলা কৃর্তাত তেওঁক অত্যন্ত ছেক্সী লাগিছিল। তেওঁৰ চকু সবাতোকৈ ছেক্সী। তেওঁ চিধাই চকুৰ ফালে চায়। তেওঁৰ প্ৰতি সদায় মুগ্ধতা আছিল। তেওঁ অনুপ্রাণিত কৰে। সকলো ভাল লাগে এই মানুহজনৰ। তেওঁৰ কোনো ভুলেই হ’ব নোৱাৰে।’






























