Diganta Madhab Goswami:
চিত্ৰ-ভাস্কৰ্য শিল্পী আদ্য শৰ্মাৰ সোঁৱৰণত অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী কলেজৰ সহযোগত “আদ্য শৰ্মা শিল্পী বঁটা”-২০২৫ প্ৰদান কৰা হয় অভিনেতা-চিত্ৰ ভাস্কৰ্য শিল্পী-কলা নিৰ্দেশক দিগন্ত মাধৱ গোস্বামীক। উল্লেখযোগ্য যে নৱপ্ৰজন্মৰ শিল্পী দিগন্ত মাধৱ গোস্বামী এগৰাকী সু অভিনেতা আৰু ভাস্কৰ্য শিল্পী,সংগীত শিল্পীৰ লগতে সুদক্ষ বাদ্যযন্ত্ৰী ৰূপে বহুল সমাদৃত। প্ৰতিভাৱান শিল্পীগৰাকীয়ে তেওঁৰ চিত্ৰ-ভাস্কৰ্য শিল্পকলাৰ অনুষ্ঠান “পূৰ্ণ শিল্পম”ৰ জৰিয়তে শব্দ-সুৰ আৰু শিল্প-কলাৰ ক্ষেত্ৰখনত অনবদ্য অৱদান যোগাই আহিছে। উল্লেখ্য যে এইগৰাকী শিল্পীয়েই অসমপ্ৰাণ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত তেখেতৰ কৰকমল আৰু পদযুগলৰ চিহ্ন সংৰক্ষণ কৰিছিল। উল্লেখযোগ্য যে শিল্পী দিগন্ত মাধৱ গোস্বামী সংবাদ জগতৰ সৈতেও জড়িত।

অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত আদ্য শৰ্মা সদৌ অসম নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ২ নৱেম্বৰ নাট্য মন্দিৰ, নলবাৰীত “আদ্য শৰ্মা শিল্পী”বঁটা প্ৰদান কৰা হয় বুলি নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মণ আৰু সাধাৰণ সম্পাদক বুবুল নায়কে জনাইছে।




































