✒️Hemen Kumer Das :
নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক,লেখক হেমেন কুমাৰ দাসলৈ আগবঢ়োৱা হৈছে ড°আবু হাণিফা স্মাৰক সাংবাদিক বঁটা ‘২০২৫।তিনিটা দশকৰো অধিক কাল সক্ৰিয় সাংবাদিকতাৰে জড়িত হৈ নগাঁৱৰ সাংবাদিক ক্ষেত্ৰ খন সমৃদ্ধ কৰা জ্যেষ্ঠ সাংবাদিক গৰাকীক অহা ১৬নৱেম্বৰত নগাঁও চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত বিয়লি দুই বজাত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব ড° হাণিফাৰ পত্নী বিশিষ্ট শিক্ষাবিদ ড°ৰৌজলিনা জাহানৰ সৌজন্যত নগাঁৱৰ হয়বৰগাঁও প্ৰেছ ক্লাবে।
স্মৰ্তব্য যে,দাস দৈনিক অগ্ৰদূত কাকতৰ ষ্টাফ ৰিপ’ৰ্টাৰ। তাৰোপৰি তেওঁ এগৰাকী লেখকো। শব্দৰ ক’লাজ নামৰ তেওঁৰ প্ৰৱন্ধ সংকলনটিয়ে ইতিমধ্যে পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।




































