Jamugurighat:
অসম চৰকাৰৰ উদ্যমিতা আঁচনিৰ অধীনত ১০,০০০ টকাৰ চেক প্ৰদান অনুষ্ঠানৰ বাবে আজি নদুৱাৰ সমষ্টিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।এই উদ্দেশ্যে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্থলী পকামূৰা পথাৰত অনুষ্ঠিত হোৱা বিশাল সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।নদুৱাৰ সমষ্টিৰ ৩০,০৪৫গৰাকী মহিলাই লাভ কৰিছে উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন।মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসঙ্গ টানি আনি কয় “জুৱিন গাৰ্গৰ মৃত্যু মই দূৰ্ঘটনা বুলি নকওঁ ,হত্যাকাণ্ডৰ চাৰ্টশ্বিট ১৭ ডিচেম্বৰৰ পৰিবৰ্তে ৮ ডিচেম্বৰৰ ভিতৰত দাখিল কৰাৰ কথা ব্যক্ত কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমত মিঞা টেনশ্বনত থাকিব লাগিব বুলিত কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আতঁ ধৰা অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা , শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বৰচলাৰ বিধায়ক গনেশ লিম্বু,বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰ উপস্থিত আছিল।




































