Mayor Mrigen Sarania:
গুৱাহাটী পৌৰ নিগমৰ স্থায়ী কাৰ্যালয় অচিৰেই নিৰ্মাণ হ’ব মহানগৰীৰ বেতকুছিত ৷ উজানবজাৰ কাৰ্য্যালয় আৰু গণেশগুৰি কাৰ্য্যালয় একে লগ কৰি স্থাপন হ’ব অত্যাধুনিক কাৰ্যালয়টি ৷ এই কথা সদৰি কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷ আজি এক সংবাদমেলত মেয়ৰ গৰাকীয়ে আৰু কয় যে উজান বজাৰৰ কাৰ্যালয় চৌহদটে ভৱিষ্যতে এক বিশাল বজাৰলৈ পৰিবৰ্তন কৰা হ’ব ৷ ইতিমধ্যে এই সম্পকীয় প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে ৷
শৰণীয়াই আৰু কয় যে বিশুদ্ধ খোৱা পানী, জাৱৰ নিষ্কাশনকে আদি কৰি বহুকেইটা বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গু ৱাহাটী পৌৰনিগমে ৷ জাৱৰ নিষ্কাশনৰ ক্ষেত্ৰত লোৱা হ’ব নতুন পদক্ষেপ ৷ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ জাইকাৰ সৈতে ইতিমধ্যেই আলোচনা কৰি কেতবোৰ সিদ্ধান্ত লোৱা হৈছে ৷ আনহাতে মন্দিৰ , মছজিদত বিনামূলীয়া বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৌৰ নিগমে ৷
ADVERTISEMENT




































