ICC Women\’s ODI World Cup 2025:✒️এইবাৰ ভাৰতৰ মহিলা বিশ্বকাপ জয়ৰ অভিযানৰ অন্যতম শক্তি আছিল প্রতীকা ৰাৱাল। স্মৃতি মন্ধানাৰ স’তে ইনিংছ মুকলি কৰি একাধিক মেচত তেওঁ ভাৰতলৈ সুন্দৰ আৰম্ভণি আনি দিছিল।
অৱশ্যে আঘাতৰ বাবে তেওঁ ছেমি ফাইনেল আৰু ফাইনেল খেলিব নোৱাৰিলে। তেওঁৰ স্থানত খেলিলে শেফালী বার্মাই। অথচ বিশ্বকাপ জয়ৰ পদকৰ পৰা বঞ্চিত হ’ল প্রতীকা। সমগ্র প্রতিযোগিতাতে দুৰন্ত ফর্মত আছিল ২৫ বছৰীয়া অপেনাৰগৰাকী।
৫১.৩৩ গড়ে তেওঁ সংগ্রহ কৰিছে ৩০৮ ৰাণ। এয়া প্রতিযোগিতাৰ চতুৰ্থ সর্বাধিক ৰাণ। নিউ জিলেণ্ডৰ বিপক্ষে ১২২ ৰাণৰ ইনিংছ খেলি দলক হেমি ফাইনেলত উপনীত কৰোৱাত তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। যদিও আঘাতৰ বাবে প্রতীকা দলৰ বাহিৰ হয়।
তেওঁৰ পৰিৱর্তে ১৫জনীয়া দলত অন্তর্ভুক্ত হয় শেফালী। আইচিচিৰ নিয়ম অনুসৰি, বিশ্বজয়ৰ পদক কেৱল ১৫জনৰ স্কোৱাডৰ সদস্যসকলক প্রদান কৰা হয়। প্রতীকা ১৫ জনীয়া দলৰ বাহিৰ হোৱাৰ বাবেই তেওঁ পদকৰ পৰা বঞ্চিত হ’ল। তেওঁৰ স্থানত সুযোগ পোৱা শেফালীয়ে বিশ্বজয়ৰ পদক লাভ কৰে।






























