Swine flu outbreak:
ৰাজ্যত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱত আতংকিত হৈ পৰিছে গাহৰি পালকসকল ৷ যদিওৱা চৰকাৰীভাৱে গাঁৱে গাঁৱে সজাগতা সভা পতা হৈছে তথাপিও আতংকিত গাহৰি পালক ৷
দৰং জিলাৰ ছিপাঝাৰৰ ননৈ নদীত অগনন মৃত গাহৰি উপঙি আছে ৷ বালিচৰ, দলং আৰু নদীৰ দাঁতিৰ ভিন্ন ঠাইত মৃত গাহৰি উপঙি থকাত গঞা চিন্তিত হৈ পৰিছে ৷ ৰোগাক্রান্ত হৈ মৃত্যু হোৱা গাহৰিক গাঁত খাঁন্দি পুতি থোৱাৰ পৰিৱৰ্তে একাংশ গাহৰি পালকে নৈত পেলাই দিছে ৷
আনহাতে উজনি অসমত ছোৱাইন ফ্লুৰ ভয়ানক প্রাদুৰ্ভাৱ হৈছে ৷ ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱত শিৱসাগৰ জিলাত প্ৰায় ২০ কোটিৰো অধিক দামৰ গাহৰিৰ মৃত্যু হৈছে ৷ একপ্ৰকাৰ আতংকিত হৈ পৰিছে জিলা খনৰ গাহৰি পালক সকল ৷ শ শ মৃত গাহৰি পুতি পেলোৱা হৈছে ৷ ইতিমধ্যে ছোৱাইন ফ্লুৰ ভয়ানক প্রাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত গাহৰি মাংস কিনা-বেচাত নিষেধাজ্ঞা জাৰি কৰিছে ।




































