CID HQ:চতুৰ্থ দিনৰ বাবে চিআইডি কাৰ্যালয়ত ইউটিউবাৰ চক্রপাণি পৰাশৰ

জুবিন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামীৰ সাক্ষাৎকাৰ লিখিত ৰূপত এছআইডিক প্ৰদান পৰাশৰ

parashar

CID HQ:

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত কৰি থকা এছআইটিয়ে ইতিমধ্যে সাক্ষাৎ গ্ৰহণ কৰিছে শতাধিকৰো অধিক লোক ৷

ইয়াৰ মাজতে ইউটিউবাৰ চক্রপাণি পৰাশক বিগত তিনিদিনেই এছআইটিয়ে জুবিন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামীৰ সাক্ষাৎকাৰ সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে পুনৰ এছআইটিৰ ওচকত হাজিৰ হয় চক্রপাণি পৰাশৰ ৷ পৰাশৰে সাংবাদিকক জানিব দিয়া মতে,জুবিন গাৰ্গক ডিব্ৰু-ছৈখোৱাত লোৱা সাক্ষাৎকাৰ আৰু শেখৰজ্যোতি গোস্বামীৰ লোৱা সাক্ষাৎকাৰৰ বিস্তৃত তথ্য আজি এছআইটিক দাখিল কৰা হয় বুলি মন্তব্য কৰে ৷

পৰাশৰে উল্লেখ কৰা মতে বিগত তিনিটা দিন তেওঁক এই সম্পৰ্কীয় বিষয়তে সোধপোচ কৰিছিল এছ আইটিয়ে ।

Exit mobile version