Zubeen Garg:✒️জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্তৰ অংশৰূপে কালি এছআইটিয়ে বিতর্কিত নর্থ-ইষ্ট ফেস্টিভেলৰ লগত জড়িত দুজনকে ধৰি তিনিজনক সোধপোছ কৰে। তদুপৰি আগন্তুক দিনত আন কে’বাজনকো সোধপোছৰ বাবে জাননী জাৰি কৰা হৈছে।
ইয়াৰ বিপৰীতে অদ্যাপি বিশেষ ব্যক্তি কে’বাজনকো তদন্তকাৰী দলটোৱে সোধপোছ নকৰা তথা জেৰা নচলোৱাক লৈও চর্চা চলিছে। এছআইটিয়ে সোমবাৰে চিআইডিৰ মুখ কার্যালয়ত সোধপোছ কৰে ৰঞ্জন ইংতি আৰু গির্বানী ডেকাক।
সম্পর্কত পতি-পত্নী দুয়ো শ্যামকানু মহন্তৰ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ লগত ওতঃপ্রোতভাবে জড়িত আছিল। দুয়ো এই আয়োজনত ‘ক্রিয়েটিভ ডিজাইন এণ্ড কনটেন্ট’ শিতানৰ দায়িত্বত আছিল। আজি এছআইটিয়ে নর্থ-ইষ্ট ফেষ্টিভেলৰ লগত তেওঁলোক কিদৰে জড়িত, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ পাছত ছিংগাপুৰত নর্থ-ইষ্ট ফেস্টিভেলৰ কাম কিদৰে চলিছিল আদিকে ধৰি বিভিন্ন প্রশ্ন কৰে।কমেও চাৰি ঘণ্টা তেওঁলোকক সোধপোছ কৰা হয়।
ইপিনে, সাংবাদিকৰ আগত দুয়ো দাবী কৰে যে ঘটনাটোৰ সময়ত তেওঁলোক নর্থ-ইষ্ট ফেস্টিভেল অনুষ্ঠিত হোৱা এটা ক্ষেত্ৰত ব্যস্ত আছিল। ৰঞ্জন ইংতিয়ে দাবী কৰা অনুসৰি যেতিয়া জুবিনৰ বিয়োগৰ খবৰটো তেওঁলোক ব্যস্ত থকা কার্যসূচীস্থলীত বিয়পি পৰিছিল, তেতিয়াই ভাৰতৰ উচ্চাযুক্তই সকলো কার্যসূচী বাতিল কৰা বুলি ঘোষণা কৰিছিল।
লগে লগে তেওঁলোক যিটো কার্যসূচীত ব্যস্ত আছিল সেইটো সম্পূর্ণ বন্ধ হৈছিল। দুয়ো সদৰী কৰে যে কাৰ্যসূচীৰ নিজৰ ভাগৰ কামখিনি চাবলৈ ১৭ ছেপ্টেম্বৰত তেওঁলোক ছিংগাপুৰলৈ গৈছিল। আজি মানস প্রতিম গোস্বামী নামৰ এজন লোককো এছআইটিয়ে সোধপোছ কৰে। পাছত আদালতৰ সন্মুখতো তেওঁলোকে নিজৰ বক্তব্য দাঙি ধৰে।
ইপিনে, এছআইটিৰ সন্মুখত হাজিৰ হ’বলৈ কে’বাজনকো জাননী জাৰি কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ প্ৰাক্তন উপ-সভাপতি তথা অসম জাতীয় পৰিষদৰো প্রাক্তন উপ- সভাপতি পলাশ বঞ্জন বৰুৱাক কাইলৈ এছআইটিৰ আগত ভাষ্য প্রদান কৰিবলৈ জাননী দিয়া হৈছে। অৱশ্যে বৰুৱা আজি হাজিৰ নোহোৱাৰ সম্ভাৱনাই অধিক।
ইয়াৰ বিপৰীতে প্ৰয়াত শিল্পীগৰাকীৰ ঘনিষ্ঠ আন কে’বাজনকে ধৰি নর্থ-ইষ্ট ফেস্টিভেলত অংশগ্ৰহণৰ বাবে ছিংগাপুৰলৈ যোৱা কে’বাজনকো এই পর্যন্ত কিয় এৰাই চলিছে, তাকে লৈও চর্চা অব্যাহত আছে। জুবিনৰ প্রাক্তন মেনেজাৰ তথা পৰৱৰ্তী সময়ছোৱাতো ঘনিষ্ঠভাৱে থকা টাৰছেম মিট্টালৰ নাম এইক্ষেত্ৰত বিশেষ চর্চালৈ আহিছে। তদুপৰি নর্থ-ইষ্ট ফেষ্টিভেলত ভাগ ল’বলৈ যোৱা অসমৰ আন একাংশ লোককো এই পর্যন্ত এছআইটিয়ে এটাও প্রশ্ন কৰা নাই। ইয়াৰ ভিতৰত অসম চৰকাৰৰ শীৰ্ষ অসামৰিক সম্মান লাভ কৰা কে’বাজনো ব্যক্তি আছে।






























