Cm Reaction:দিল্লীৰ বিস্ফোৰণৰ পিছত অসমত ফেচবুকত সন্ত্রাসবাদীক সমর্থন জনাই আদৰণি জনোৱাসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে ডিজিপিক : মুখ্যমন্ত্রী

cm

Cm Reaction:

দিল্লীত সোমবাৰে সন্ধিয়া সংঘটিত বিস্ফোৰণ ঘটনাক সন্ত্রাসবাদীৰ পৰিকল্পিত বিস্ফোৰণ আখ্যা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ ৷ এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,দিল্লীত সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ পিছতে অসমত একাংশ লোক আনন্দিত হোৱা পৰিলক্ষিত হৈছে ৷ সামাজিক মাধ্যমত তেনেলোকে আনন্দিত প্ৰকাশ কৰি পষ্ট কৰিছে ৷ এইসকল লোকৰ বিৰুদ্ধে অত্যন্ত কঠোৰ চৰকাৰ ৷ এইসকল ব্যক্তিয়ে সন্ত্রাসবাদক সমর্থন কৰে ৷ এনে ব্যক্তিৰ বেকগ্রাউণ্ড পৰীক্ষা কৰা হ’ব ৷ প্ৰয়োজন সাপেক্ষে এনে ব্যক্তিক অচিৰেই কৰা হ’ব গ্ৰেপ্তাৰ ৷ ফেচবুকত আনন্দিত হৈ পষ্ট কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ইতিমধ্যেই ডিজিপিক নিৰ্দেশ দিয়া হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে এনেবোৰ ঘটনাৰ সুযোগ লৈ অসমত যাতে সন্ত্রাসবাদে মূৰ দাঙি উঠিব নোৱাৰে ৷ তাৰ বাবে আৰক্ষী প্ৰশাসনে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

Exit mobile version