Vishal Megamart:মহানগৰীৰ বিশাল মেগামাৰ্ট শ্বপিং মলত ম্যাদ উকলা খাদ্য-সামগ্ৰীক লৈ উত্তপ্ত পৰিস্থিতি

ছেপ্তেম্বৰ আৰু নৱেম্বৰৰ দুই তাৰিখত ম্যাদ উকলা সামগ্ৰী বিক্ৰীৰ অভিযোগ গ্ৰাহকৰ

vishal 1

Vishal Megamart:

মহানগৰীৰ গণেশগুৰিস্থিত বিশাল মেগামাৰ্টত মঙলবাৰে পুৱাতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ম্যাদ উকলা খাদ্য-সামগ্ৰীক বিক্ৰী কৰাক লৈ চেলচমেন আৰু গ্ৰাহকৰ মাজত বাকবিতণ্ডা ৷
উদ্থাপিত অভিযোগ অনুসৰি এজন গ্ৰাহকে কেতবোৰ খাদ্য সামগ্ৰী ক্ৰয় কৰি নিয়াৰ সময়তে সন্দেহবশত: খাদ্য সামগ্ৰী পেকিঙিৰ দিনাংক পৰীক্ষা কৰি হতচকিত হৈ পৰে ৷কিয়নো তেওঁ ক্ৰয় কৰা খাদ্য সামগ্ৰী সমূহৰ কোনোবাটো ম্যাদ উকলিছে ছেপ্তেম্বৰত আৰু কোনোবাটোৰ ম্যাদ উকলিছে ২নৱেম্বৰত ৷

ইয়াকে লৈ গ্ৰাহকজনৰ লগতে আন আন গ্ৰাহকে দায়িত্বত নিয়োজিত চেলচবয় আৰু আন আন কৰ্মচাৰী সকলক কৈফিয়ৎ কৰে ৷ ম্যাদ উকলা খাদ্য সামগ্ৰী বিক্ৰী কৰি জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা মেগামাৰ্ট শ্বপিং মলৰ গণেশগুৰি কেন্দ্ৰটোৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ দাবী কৰে সচেতন মহলে ৷
এনেক্ষেত্ৰত ম্যাদ উকলা খাদ্য-সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ’বনে জিলা প্ৰশাসনৰ ৷

Exit mobile version