Guwahati Police raid in Ganeshguri :
গুৱাহাটী মহানগৰীত নিশা হ’লেও একাংশ সুৰামত্ত যুৱক – যুৱতীৰ উদ্ভণ্ডালিয়ে চৰম সীমা অতিক্ৰম কৰিছে ৷ মহানগৰীৰ সচেতন মহলৰ ধাৰাবাহিক অভিযোগৰ ভিত্তিত শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে গণেশগুৰি সহ কেতবোৰ স্থানত পদব্ৰজে অভিযান আৰম্ভ কৰিছে ৷
এনে অভিযানৰ মাজতে বৃহস্পতিবাৰে নিশা সদাব্যস্ত গণেশগুৰিত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই অসামাজিক কার্যকলাপত লিপ্ত থকাৰ অভিযোগত ১৯ জন পুৰুষ, ৪ গৰাকী যুৱতী আৰু তিনিগৰাকী তৃতীয় লিংগৰ লোকক গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে বুধবাৰে নিশা গণেশগুৰিৰ তৃতীয় লিংগৰ লোকে এজন লোকক দলবদ্ধ আক্ৰমণ কৰিছিল ৷ এনেদৰে নিশা ৰঙীয়ান কৰি তোলা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা অভিযানক সচেতন মহলে আদৰণি জনাইছে ৷





























