Narendra Modi:✒️ভূটানৰ পৰা উভতি অহাৰ পাছতে দিল্লী বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰিবলৈ চিকিৎসালয় পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।তাত আহতসকলৰ স’তে কথা পাতি তেওঁলোকৰ স্বাস্থ্যৰ কথা সোধা-পোছা কৰে।
সোমবাৰে সন্ধিয়া লালকিল্লাৰ সন্মুখত ভয়াবহ বিস্ফোৰণ ঘটে। বিস্ফোৰণত এই পৰ্যন্ত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ২০ জনলোক আহত হয়। ইয়াৰে কেবাজনোৰ অৱস্থা সংকটজনক।
ঘটনাৰ লগে লগে বিস্ফোৰণত আহতসকলক উদ্ধাৰ কৰি লোকনায়ক জয়প্ৰকাশ নাৰায়ণ (এল জে এন) চিকিৎসালয়লৈ লৈ যোৱা হয়।বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।
বিস্ফোৰণৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে কথা পাতে মোদীয়ে। বিস্ফোৰণৰ আঁৰৰ সম্ভাৱ্য কাৰণৰ বিষয়ে আলোচনা কৰাৰ সময়ত তেওঁ লগতে আহতসকলৰ চিকিৎসাৰ বাবে সকলো সম্ভাৱ্য ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
বুধবাৰে ভূটান ভ্ৰমণৰ অন্তত দিল্লীলৈ উভতি অহাৰ পাছতে মোডীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰে। লগতে তেওঁ তেওঁলোকৰ কাষত থকাৰ বাৰ্তা দিয়ে। পাছত তেওঁ সামাজিক মাধ্যমত লিখে, “সকলোৰে আশু আৰোগ্য কামনা কৰিছো। ষড়যন্ত্ৰৰ আঁৰৰ সকলক বিচাৰৰ আওতালৈ অনা হ’ব!”






























