CM Reaction:
আজি দিছপুৰত অনুষ্ঠিত হ’বলগীয়া বহু চৰ্চিত বিৰোধী দলৰ বৈঠকক লৈ তিৰ্যক মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীয়ে কয়,‘বিৰোধীৰ বৈঠকৰ ‘টিভি ছিৰিয়েল’ চাৰে চাৰি বছৰে দেখি আহিছোঁ | ভূপেন বৰা সভাপতি হৈ থকাৰ সময়ত এনে মিটিং সপ্তাহে- দহদিনে হৈ থকা সকলোৱে দেখি আছিলো ৷ লিলি হোটেলত লগ পাই চাহ-জলপান খাই নিজৰ ভিতৰতে কথা পাতে। বৈঠকৰ পৰা ওলাই আহিয়েই নিজৰ ভিতৰতে কাজিয়া কৰে। তেওঁলোকৰ যিহেতুকে কোনো নিউজ নাই,নিউজ ক্ৰিয়েড কৰিবৰ বাবে এনেধৰণৰ মিটিং মাজে সময়ে অনুষ্ঠিত কৰি আহিছে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে ,আজমল এন্টি মাৰিব,মমতাই এন্টি মাৰিব ৷ বিৰোধী জোঁটৰ আসন ভাগবতৰা সম্পৰ্কত অখিল গগৈয়ে বিচাৰিব ২০ খন পিছতে পাব এখন আৰু যদি বেছি আকোৰগোঁজ কৰে পাব পাৰে আৰু এখন আসন ৷একেদৰে লুৰিনজ্যোতি গগৈয়ে বিচাৰিব ১৫ খন কিন্ত পাব ৩ খন ৷ এই তিনি আসন কোন কোন সমষ্টি মই কৈ দিবই পাৰো। এক কথাত ক’বলৈ আজিয়ে আটাইয়ে বিচৰা আসনবোৰ মই আজিয়ে ভাগবতৰা কৰি দিব পাৰো বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷




































