Opposition meeting:
ৰাজ্যৰ বিধানসভা নিৰ্বাচৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ চৰকাৰক দিছপুৰৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে বিৰোধী শক্তি একত্ৰিত হ’বৰ বাবে আজি কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হ’ব বিৰোধী শক্তিৰ বৈঠক ৷ অসম বিধানসভাৰ চৌহদৰ প্ৰেক্ষাগৃহত বিয়লি আয়োজিত বৈঠকত উপস্থিত থাকিব ৰাইজৰ দল,অসম জাতীয় পৰিষদ,বাঁওপন্থী দল সমূহ, পিএলপি সহ বহু কেইটা দল ৷ অৱশ্যে বহুচৰ্চিত সভা খনলৈ আমন্ত্ৰণ কৰা নাই এআইইউডিএফ,আপ আৰু তৃণমূল কংগ্ৰেছ ৷ বিৰোধী দলৰ এই সভাতে আগন্তুক নিৰ্বাচন সম্পৰ্কত উমৈহতীয়া ৰণনীতি প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত গঠন কৰা ইণ্ডিয়া জোঁট বন্ধন অন্যতম অংশীদাৰ দল হ’ল তৃণমূল কংগ্ৰেছ আৰু আপ ৷ অথচ এই দুই দলকে নিমন্ত্ৰণ নকৰিলে এপিচিচিয়ে ৷




































