China Sichuan Hongqi bridge:
দক্ষিণ-পশ্চিম চীনৰ ছিচুয়ান প্ৰদেশক তিব্বতৰ সৈতে সংযোগ কৰা ২৪৮৭ ফুট দীঘল নৱনিৰ্মিত হংকি দলংখন মঙলবাৰে ধ্বংসস্তুপত পৰিণত হ’ল ৷ তাচপাতৰ দৰে খহি এটা অংশ নৈত বুকুত পৰে ৷
পাহাৰীয়া অঞ্চলটোৰ ওচৰৰ ঢাল আৰু পথত ফাট মেলিবলৈ আৰম্ভ কৰা বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই
সোমবাৰে বন্ধ কৰি দিছিল যাতায়াতৰ বাবে।
উল্লেখ্য এই দলংখন চীনৰ কেন্দ্ৰীয় অংশক তিব্বতৰ সৈতে সংযোগ কৰা এক বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অংশ হিচাপে এই বছৰৰ আৰম্ভণিতে সম্পূৰ্ণ কৰা হৈছিল।
এই ঘটনাত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। ২০০৮ চনত ৭.৯ প্ৰাবল্যৰ ভূমিকম্পত ৬৯ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হোৱা ভূমিকম্পৰ সক্ৰিয় অঞ্চল হিচাপে পৰিচিত ছিচুয়ানত এতিয়াও কৰ্তৃপক্ষই ইয়াৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
চীনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ আৰম্ভণিতেহে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল। চীনে শেহতীয়াকৈ চলিতবৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ, দলংকে ধৰি আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগ কৰিছে।
