Guwahati:
দেশৰ ৰাজধানী চহৰ দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ তদন্ত দেশজুৰি অব্যাহত আছে। ইয়াৰ মাজতে সন্ত্রাসবাদীৰ এনে কাৰ্যত প্রত্যক্ষ আৰু পৰোক্ষভাৱে সমর্থন জনোৱাৰ অভিযোগ উঠিছে অসমৰ একাংশ লোকৰ বিৰুদ্ধে।
এনে সকল লোকে সামাজিক মাধ্যমত নিজৰ সন্তষ্টি প্ৰকাশৰে কেতবোৰ বিতৰ্কিত মন্তব্য কৰি আহিছে। এই সকল লোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কঠোৰস্থিতি লোৱাৰ ইংগিত দিয়াৰ পিছতে মঙলবাৰৰ পৰা ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ১৫ জন লোকক ৷ যোৱা তিনিদিনত গ্ৰেপ্তাৰ কৰা মুঠ লোকৰ সংখ্যা ৩৪ জন।
আনহাতে আজি মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মেডিয়াৰ জৰিয়তে আটকাধীন লোক কেইজনৰ নাম সদৰি কৰিছে I লোক কেইজন হ’ল ১.ৰফিজুল আলী (বঙাইগাঁও), ২.ফৰিদ উদ্দিন লস্কৰ (হাইলাকান্দি)
৩.ইনামুল ইছলাম (লখিমপুৰ),৪.ফিৰুজ আহমেদ ওৰফে পাপন (লখিমপুৰ), ৫.শ্বাহিল শ্বোমান ছিকদাৰ ওৰফে শ্বাহিদুল ইছলাম (বৰপেটা),৬.ৰকিবুল চুলতান (বৰপেটা),৭.নছিম আক্ৰাম (হোজাই),৮.তাছলিম আহমেদ (কামৰূপ) আৰু ৯.আব্দুৰ ৰোহিম মোল্লা ওৰফে বাপ্পী হুছেইন (দক্ষিণ ছালমাৰা ৷




































