China:✒️ইয়াকেই কয় সন্তানস্নেহ। পিতৃ-কন্যাৰ ভালপোৱাৰ কাহিনী এটাই সম্প্রতি চীনৰ সামাজিক মাধ্যম গৰম কৰি ৰাখিছে। সেই ভালপোৱাৰ কাহিনী ইতিমধ্যে সমগ্র পৃথিবীতে বিয়পি পৰিছে। কন্যাৰ কষ্ট লাঘৱ কৰাৰ বাবেই নিজৰ চাকৰিকে এৰি দিলে পিতৃয়ে।
তাৰ পাছতে নশ কিলোমিটাৰ যাত্ৰা কৰি এখন খাদ্যৰ দোকান খুলিলে লি বিংদিৰ পিতৃয়ে। সম্প্রতি সমগ্র চীনত এই নামৰেই পৰিচিত সেই ব্যক্তি। তেওঁ লি বিংদিৰ পিতৃ। কিছুদিনৰ পূর্বে কর্কটত আক্রান্ত হৈ লিৰ মাতৃৰ মৃত্যু হয়। তাৰ পাছৰে পৰা লিৰ একমাত্ৰ সাৰথি তেওঁৰ পিতৃ।
প্রথম বছৰ কন্যাই প্রায় প্রতিদিনে অভিযোগ কৰিছিল যে তেওঁৰ হোষ্টেলৰ খাদ্য ভাল নহয়। কন্যাৰ এই কষ্ট দূৰৰ পৰা চাই সহ্য কৰিব পৰা নাছিল পিতৃয়ে। শেষত তেওঁ চাকৰি ত্যাগ কৰাৰে সিদ্ধান্ত লয়। তাৰ পাছতে তেওঁ যায় দক্ষিণ চীনলৈ। তাৰেই এখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে লিয়ে।
দক্ষিণ চীনত উপস্থিত হৈ লিৰ পিতৃয়ে প্রথমে ফ্রাইড বাইচ,নুডলছৰ দৰে খাদ্য ৰান্ধিবলৈ শিকে। তাৰ পাছত তেওঁ কন্যাৰ বিশ্ববিদ্যালয়ৰ কাষতে এখন খাদ্যৰ দোকান খুলিলে।
প্রথম দিনা লাভ বিশেষ নোহোৱাত লিয়ে নিজেই খবৰটো সামাজিক মাধ্যমত প’ষ্ট কৰে। তাৰ পাছতে দাবানলৰ দৰে বিয়পি পৰে ফুডষ্টলৰ খবৰ। শিক্ষাৰ্থীসকলৰ মুখে মুখে আৰু সামাজিক মাধ্যমৰে জানিব পাৰি বৃদ্ধি পাবলৈ ধৰে খাদ্যৰ চাহিদা।
এতিয়া লি লংবিদিৰ পিতৃৰ দোকান অতিশয় ব্যস্ত। ফুডষ্টলৰ লগতেই সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে পিতৃৰ সন্তানস্নেহৰ কথা।সকলোৰে মুখে মুখে এতিয়া পিতৃ-কন্যাৰ নিঃস্বার্থ ভালপোৱাৰ কাহিনী।






























