শ্ৰমিকৰ ভাও ধৰি এহেজাৰ কিলো এম’নিয়াম নাইট্রেট সংগ্ৰহ সন্ত্রাসবাদীৰ

IMG 20251115 130920

Bomb blast:✒️দিল্লী বিস্ফোৰণ কাণ্ডত জড়িত সন্ত্রাসবাদীয়ে কৃষক আৰু খনি শ্রমিকৰ বেশ ধৰি বিস্ফোৰক ক্ৰয় কৰি দেশৰ বিভিন্ন স্থানত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। যোৱা সোমবাৰে সংঘটিত এই বিস্ফোৰণৰ তদন্তত শেহতীয়াভাৱে পোহৰলৈ অহা অনুসৰি বিগত কিছুমাহ ধৰি এই সন্ত্রাসবাদী গোটটোৱে বিস্ফোৰক আৰু অস্ত্র-শস্ত্ৰ সংগ্ৰহৰ কাম কৰে।

দিল্লী বিস্ফোৰণ কাণ্ডৰ আত্মঘাতী বোমাৰু ডাঃ ওমৰ মহম্মদ, তেওঁৰ সহযোগী ডাঃ মোজাম্মিল আহমেদ আদিয়ে হাৰিয়ানাৰ নুহ, ফৰিদাবাদ, গুৰগাঁও আৰু উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰৰ পৰা বিগত কিছু সময়ত বিপুল পৰিমাণৰ বিস্ফোৰক সংগ্ৰহ কৰে। সূত্রই প্রকাশ কৰা অনুসৰি ডাঃ ওমৰৰ নেতৃত্বত একাংশই বিগত তিনি-চাৰি মাহ ধৰি নুহৰ বিভিন্ন ৰাসায়নিক সামগ্ৰীৰ দোকান আৰু সাৰৰ দোকানৰ পৰা কৃষক আৰু খনি কর্মী বুলি ভুৱা পৰিচয় দি অলপ অলপকৈ নাইট্র’জেন, ফছফৰাছ, পটাছিয়াম (এনপিকে) ক্রয় কৰে।

এনেদৰে তেওঁলোকে তিনি-চাৰি মাহত ২৬ কুইণ্টল এনপিকে সংগ্ৰহ কৰে। কেবল সেয়াই নহয়, এই সন্ত্রাসবাদী চক্রই এহেজাৰ কিলোগ্রাম এম’নিয়াম নাইট্রেটো সংগ্ৰহ কৰে। এনে সামগ্রী ক্ৰয়ৰ উদ্দেশ্য আছিল বিস্ফোৰণ সংঘটিত কৰা। সূত্রই লগতে জনোৱা মতে ডাঃ ওমৰে বৃহৎ সংখ্যক বোমা তৈয়াৰৰ পৰিকল্পনা কৰিছিল।

এই উদ্দেশ্যে তেওঁৰ হাতত সন্ত্রাসবাদীয়ে ২০ লাখ টকা জমা দিছিল। কেৱল সেয়াই নহয়, সন্ত্রাসবাদীয়ে শ্রীনগৰৰ পৰা স্বয়ংক্রিয় ৰাইফল আৰু গুলি ক্ৰয় কৰাৰো তথ্য পোহৰলৈ আহিছে। এই ক্ষেত্ৰত উকাছা নামৰ এজন ছদ্মবেশীয়ে বিদেশৰ পৰা চক্ৰটোক সহায় কৰে। চক্ৰটোরে বিস্ফোৰক সামগ্রী ক্ৰয় কৰা ফৰিদাবাদৰ তিনিজন কৃষি সাৰৰ ডীলাৰক তদন্তকাৰীয়ে চিনাক্ত কৰিছে।

ইয়াৰে এজন ডীলাৰে তদন্তকাৰীক জনায় যে সন্ত্রাসবাদীৰ গোটটোৱে কৃষকৰ ভুৱা পৰিচয় দি তেওঁৰ পৰা ৰাসায়নিক সাৰ কিনে। ইয়াৰ বিনিময়ত তেওঁক অনলাইনৰ মাধ্যমৰে ধন আদায় দিয়ে। তদন্তকাৰীয়ে সন্দেহ কৰা অনুসৰি সন্ত্রাসবাদীৰ চক্ৰটোৱে অধিকাংশ বিস্ফোৰক সামগ্রী নুহৰ পৰা ক্ৰয় কৰে। সূত্ৰই জনোৱা মতে, ধৃত চিকিৎসক মোজাম্মিলে অনেকবাৰ কৃষি সামগ্ৰীৰ দোকানলৈ গৈছিল। পাছত তেওঁ ডাঃ ওমৰকো লগত নিবলৈ লয়।

আফগানিস্তানলৈ পলায়ন অন্যতম অভিযুক্তৰ

দিল্লী বিস্ফোৰণ কাণ্ড তথা ফৰিদাবাদৰ বিস্ফোৰক উদ্ধাৰ ঘটনাৰ এজন অভিযুক্তই আফগানিস্তানলৈ পলায়ন কৰাৰ তথ্য পোহৰলৈ আহিছে। এই অভিযুক্তজন হ’ল ডাঃ মোজাম্মিল বাথেৰৰ ভ্ৰাতৃ মুজাফৰ ৰাথেৰ। সূত্ৰই জনোৱা মতে, পূর্বে ডাঃ মুজাফৰ ডুবাইতো আছিল। তাৰ পৰা তেওঁ আফগানিস্তানলৈ পলায়ন কৰে। সম্প্রতি তেওঁক জালত পেলোৱাৰ উদ্দেশ্যে জম্মু-কাশ্মীৰ আৰক্ষী ইণ্টাৰপ’লৰ দ্বাৰস্থ হৈছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২০২১ত ডাঃ ওমৰ, ডাঃ মোজাম্মিল আৰু ডাঃ মুজাফৰে তুৰস্ক ভ্রমণ কৰিছিল। তুৰস্কত তেওঁলোকে ২০ দিন কটায়। তেতিয়াই তেওঁলোক সন্ত্রাসবাদীৰ সংস্পর্শলৈ যায়।

আইইডি বিস্ফোৰণ ঘটাই ডাঃ ওমৰৰ পুলৱামাস্থিত ঘৰ উৰুৱাই দিলে নিৰাপত্তা বাহিনীয়ে যোৱা সোমবাৰৰ সন্ধিয়া দিল্লীৰ লালকিল্লা মেট্র’ ৰেল ষ্টেছনৰ সংঘটিত শক্তিশালী কাৰ বোমা বিস্ফোৰণৰ আত্মঘাতী বোমাৰু ডাঃ ওমৰ আহমেদ ওৰফে ওমৰ উন-নবীৰ পুলৱামাঞ্ছিত ঘৰ নিৰাপত্তা বাহিনীয়ে আইইডি বিস্ফোৰণ ঘটাই উৰুৱাই দিয়াৰ তথ্য পোহৰলৈ আহিছে। এই বিস্ফোৰণৰ আত্মঘাতী বোমাৰু ডাঃ ওমৰেই আছিল বুলি ডিএনএ পৰীক্ষায়ো নিশ্চিত কৰাত নিৰাপত্তা বাহিনীয়ে এই ব্যবস্থা গ্রহণ কৰে বুলি সূত্রই জনায়। সূত্রই জনোৱা মতে, বৃহস্পতিবাৰে মাজনিশা পুলৱামাস্থিত চিকিৎসকজনৰ ঘৰত নিৰাপত্তা বাহিনীয়ে বিস্ফোৰণ ঘটায়। এই বিস্ফোৰণত ঘৰটো বিধ্বস্ত হয়।

ইয়াৰ পূৰ্বে দিল্লী বিস্ফোৰণৰ পাছতে যোৱা সোমবাৰৰ নিশাই নিৰাপত্তা বাহিনীয়ে পুলৱামা আৰু ইয়াৰ ওচৰ-পাঁজৰৰ অঞ্চলত ব্যাপক তালাচী চলায়। এই তালাচীৰ সময়ত নিৰাপত্তা বাহিনীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰে। এই ছয় ধৃতৰ তিনিজন হ’ল ডাঃ ওমৰৰ আত্মীয়। পাছত নিৰাপত্তা বাহিনীয়ে তেওঁৰ মাতৃ আৰু ভ্ৰাতৃৰ ডিএনএ পৰীক্ষা কৰোৱায়। এই পৰীক্ষাৰ জৰিয়তে এশ শতাংশ নিশ্চিত হয় যে দিল্লী বিস্ফোৰণ সংঘটিত কৰা আত্মঘাতী বোমাকজন ডাঃ ওমবেই আছিল। দৰাচলতে তেওঁ এটা সন্ত্রাসবাদী চক্ৰৰ অন্যতম আছিল।

Exit mobile version