SR:
সকলো উৎকণ্ঠাৰ অন্ত পেলাই দেশৰ নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধন অহাবৰ্ষৰৰ এজানুৱাৰীত ভিত্তি তাৰিখ হিচাপে লৈ হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন ( এছআৰ) কৰিবলৈ আগবাঢ়িছে ৷ ইতিমধ্যে এই সন্দৰ্ভত যাবতীয় নিৰ্দেশাৱলী অসমৰ মুখ্য নিৰ্বাচন বিষয়ালৈ প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে ৷
সেই অনুসৰি মঙলবাৰে পৰা অসমত আৰম্ভ হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন ব্যৱস্থা ৷ আনহাতে ২২নৱেম্বৰৰ পৰা প্ৰতিঘৰ লোকৰ ঘৰে ঘৰে যাব বিএলঅ’ সকল ৷২২নৱেম্বৰৰ পৰা ভোটকেন্দ্ৰৰ পুনৰ নিৰ্ধাৰণ আৰম্ভ হ’ব ৷একেদৰে খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব ২৭ ডিচেম্বৰত ৷
আনহাতে ভোটাৰ সকলে তেওঁ নোকৰ কিবা ওজৰ আপত্তি থাকিলে জনাব পাৰিব দুই ফেব্ৰুৱাৰীলৈকে ৷ অৱশেষত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ১০ ফেব্ৰুৱাৰীত ৷ উল্লেখ্য যে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা আনুষ্ঠানিক ভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে দেশৰ নিৰ্বাচনী আয়োগৰ ৷




































