Himanta Viswa Sarma:
আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজাদিন ৷ এই দিনটোতে আহিল এটা ভাল খবৰ I ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ বাধা আঁতৰিল ৷ বিএনএছএছৰ অধীনত তদন্ত বাবে অনুমতি প্ৰদান কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ ৷
উল্লেখ্য যে দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হ’লে ন্যায়িক প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিব লাগে আগতীয়া অনুমোদন ৷ একেদৰে বিএনএছএছৰ ২০৮ৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ হ’লে কেন্দ্ৰীয় চৰকাৰৰ পৰা ল’ব লাগে আগতীয়া অনুমতি ৷
অৱশেষত গৃহ মন্ত্ৰনালয়ে তদন্তৰ বাবে আনুষ্ঠানিক অনুমতি দিয়ে বুলি সামাজিক মাধ্যম যোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীয়ে পুনৰ স্পষ্ট কৰি দিয়ে যে ১০ ডিচেম্বৰৰ পূৰ্বেই ছিংগাপুৰৰ ঘটনাৰ চাৰ্জশ্বীট দাখিল হ’ব আদালতত ৷




































