MLA Abdur Rashid Mandal:
:ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত শাসনাধিষ্ঠ বিজেপি মিত্ৰজোঁটক উৎঘাত কৰাৰ বাবে বিগত সপ্তাহত এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ তৎপৰতা মিলিত হৈছিল ৰাইজৰ দল অজাপ সহ ৭ বিৰোধী দল ৷
কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলে নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুতৰ কুজকাৱাজ আৰম্ভ কৰাৰ সময়তে কংগ্ৰেছৰ আৰু এজন উইকেট পতনৰ আশংকা প্ৰকট হৈ পৰিছে ৷ দল এৰাৰ বাবে সাজু হৈছে কংগ্ৰেছৰ পশ্চিম গোৱালপাৰাৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ৷ ৰকিবুল হুছেইনৰ স’তে দীৰ্ঘদিনীয়া সংঘাতৰ পৰিণতিত অৱশেষত দল ত্যাগৰ লক্ষ্যেৰে ইতিমধ্যে নিজ সমষ্টিৰ সমৰ্থকৰ সৈতে সঘনাই মিলিত হৈছে বিধায়ক মণ্ডল ৷
অহা সপ্তাহতে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে দল এৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ আনহাতে বিধায়কজনৰ এনে পদক্ষেপত এক প্ৰকাৰ থৰকাছুটি হেৰুৱাইছে ৰাজিৱ ভৱন ৷ মণ্ডলক সৈমান কৰাবৰ বাবে গৌৰৱ গগৈৰ দূত হিচাপে দুজনমান জ্যেষ্ঠ কংগ্ৰেছ নেতা বিধায়ক মণ্ডলৰ কাষ চাপিছে যদিও তেওঁৰ নিজৰ স্থিতিত অটল।
এনে প্ৰেক্ষাপটত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যবদ্ধৰ কুজকাৱাজ আৰম্ভৰ মাজতে কংগ্ৰেছৰ বিধায়কৰ দলত্যাগৰ উকমুকনিয়ে আগন্তুক দিনত বিৰোধী শিৱিৰ কিমান দূৰ শক্তিশালী হ’ব সেইয়া সময়তহে হ’ব স্পষ্ট ।




































