Nagaon :জুবিন গাৰ্গৰ ওপজা দিনৰ উপলক্ষে বৰজহাত বিনামূলীয়া চিকিৎসা সেৱা শিবিৰ

zuben tree

Nagaon :

নগাঁও জিলাৰ বৰজহা গাঁৱত আজি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় । বৰজহাবাসীৰ উদ্যোগত, ‘মাৰ্চি হস্পিতাল’ আৰু ‘ডাইমণ্ড ইনছ্ট্ৰোমেন্ট’ৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনৰ উপলক্ষে এই শিবিৰটোৰ আয়োজন কৰা হয় । আজি পুৱা দহ বজাৰ পৰা বৰজহাৰ সামূহিক ভৱনত আৰম্ভ হোৱা এই শিবিৰটোত বৰজহা, ঘাঁহী আৰু দক্ষিণপাট অঞ্চলৰ দুই শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয় ।

শিবিৰৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰজহাৰ নামাচাৰ্য পংকজ বৰাই । পুষ্পাৰ্ঘ অৰ্পনৰ অনুষ্ঠানত সক্ৰিয় ৰাজহুৱা কৰ্মী প্ৰবীন মজুমদাৰ, দুৰ্লভ বৰা, পৰাগ বৰা, বিপুল বৰা আদিকে ধৰি কেইবা গৰাকীও জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে । আজিৰ এই চিকিৎসা সেৱা শিবিৰত নগাঁৱৰ মাৰ্চি হস্পিতালৰ অভিজ্ঞ চিকিৎসক ডাঃ ঋষিৰাজ ৰয়, ডাঃ সুৰজিৎ বৰাৰ লগতে চিকিৎসাকৰ্মী ৰাণী থমাছ, আলবিনা, জবা ৰংহাং, লিলি বৰা, বৈজন্তী, ৰূপা, গীতাঞ্জলি কোঁৱৰ, দিলবাৰ্ট, লোকেশকে ধৰি মুঠ এঘাৰ গৰাকী চিকিৎসা কৰ্মী উপস্থিত থাকে । শিবিৰত উপস্থিত থকা সকলৰ মাজৰ পৰা অৰ্দ্ধ শতাধিক লোকৰ ৰোগ নিৰ্ণয়ৰ বাবে তেজৰ নমুনাও সংগ্ৰহ কৰা হয় ।

Exit mobile version