Zubeen Garg:✒️জুবিন গাৰ্গৰ অবৰ্তমানত মঙলবাৰে ৰাজ্যবাসীয়ে পালন কৰা তেওঁৰ প্ৰথমটো জন্মদিনৰ লগত সংগতি ৰাখি সৰভোগত প্ৰাণৰ শিল্পীগৰাকীৰ এটা পূৰ্ণাংগ প্রতিমূর্তি উন্মোচন কৰা হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্রতিমূর্তিটো উন্মোচন কৰে।
সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীৰ উপস্থিতিত যথেষ্ট সংখ্যক লোকৰ অংশগ্ৰহণৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰি মন্ত্রী দাসে কয় যে সৰভোগ পৌৰসভা, সৰভোগ চেম্বাৰ অৱ কমার্চ আৰু সৰভোগবাসী ৰাইজৰ সহযোগত এটা ব্যতিক্রমী আৰু অদ্বিতীয় প্রতিমূর্তি নিৰ্মাণ কৰি উলিওৱা হৈছে।
তদুপৰি দাসে কয়, ‘জুবিন গাৰ্গ বিশ্বশিল্পী। গুগলে বর্ল্ড হামিং কিং হিচাপে জুবিন গাৰ্গক পৰিচয় দিছে। সৰভোগবাসীয়ে বহু শ্ৰদ্ধাৰে আজি তেওঁৰ প্ৰতিমূর্তি স্থাপন কৰিলে। মই প্রতিমূর্তি নিৰ্মাণৰ স’তে জড়িত থকা সৰভোগ চেম্বাৰ অৱ কমার্চ, সৰভোগ পৌৰসভাৰ লগতে জুবিন গাৰ্গক ব্যতিক্রমী ৰূপত সজাই তোলা শিল্পী দিগন্ত তালুকদাৰকো ধন্যবাদ জনাইছো।’
কিন্তু উন্মোচন কৰাৰ পাছতে জুবিন গাৰ্গক বিকৃত ৰূপত উপস্থাপন কৰা বুলি সমালোচনাৰ জোৱাৰ উঠে। প্রতিমূর্তিটোক লৈ সৰভোগৰ ৰাইজেও তীব্র ক্ষোভ প্রকাশ কৰে। সামাজিক মাধ্যমতো প্রতিমূর্তিটোক লৈ সমালোচনাৰ জোৱাৰ উঠিছে। এনে ব্যাপক প্রতিক্ৰিয়াৰ ফলত মন্ত্ৰী দাসৰ নিৰ্দেশত উন্মোচিত প্রতিমূর্তিটো উদ্যেক্তাসকলে ঢাকি দিবলৈ বাধ্য হয়। ৰাইজৰ মাজত হোৱা চৰ্চা অনুসৰি, ভাস্কর্য শিল্পীজনে প্রতিমূর্তিটো সম্পূৰ্ণ কৰিবলৈ আৰু কিছুদিন সময় বিচাৰিছিল; কিন্তু তথাকথিত প্রতিযোগিতাৰ নামত উদ্যোক্তাসকলে জুবিন গাৰ্গৰ দৰে শিল্পীকো বিকৃত ৰূপত উপস্থাপনৰে অপমানিত কৰিবলৈ নেৰিলে।
সৰভোগৰ মাল্টি ইউটিলিটি বিল্ডিঙৰ চৌহদত স্থাপন কৰা প্ৰতিমূৰ্তিটো উন্মোচনৰ পূৰ্বে সৰভোগ পৌৰসভাৰ পৌৰপতি মালবিকা দাস আৰু সৰভোগ চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি মৃত্যুঞ্জয় ঘোষে নাহৰ পুলি ৰোপণ কৰে। তাৰ পাছত ভাগৱত পাঠ, নাম-প্রসংগ অনুষ্ঠিত হয়। প্রতিমূর্তি উন্মোচনত ভাস্কর্য শিল্পী দিগন্ত তালুকদাৰ, বিজেপিৰ বৰপেটা জিলাৰ সভাপতি মহেন্দ্র দাস আদি উপস্থিত থাকে।
