Badruddin ajmal:
এনএছএ ৰ অধীনত বিগত আঠমাহৰ পৰা নগাঁও জিলা কাৰাগাৰত বন্দী হৈ থকা ধিঙৰ এআইইউডিএফৰ বহুবল্কী বিধায়ক আমিনুল ইছলামক সাক্ষাৎ কৰে এআইইউডিএফৰ মূৰব্বী বদৰুদ্দিন আজমলে ৷
আনহাতে বদৰুদ্দিন আজমলে আগমনৰ সময়ত এআইইউডিএফৰ সমৰ্থকে আমিনুল ইছলামক শীঘ্রেই মুক্তিৰ দাবী এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ৰাজনৈতিক অভিসন্ধিৰে আমিনুল ইছলামক কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি কৈ সমৰ্থক সকলে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি থকাৰ সময়তে আৰক্ষীয়ে বাধাৰোপ কৰে ৷ অৱশ্যে কিছু সময় পিছতে আজমলৰ হস্তক্ষেপত সমৰ্থক সকলে ক্ষান্ত হয় ৷
বিধায়ক আমিনুল ইছলামক সাক্ষাৎ কৰি আহি সাংবাদিকক কয়,আগন্তুক বিধানসভা নিৰ্বাচনত আমিনুল ইছলামে জেলৰ পৰাই ধিঙৰ দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ৷ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ-বিজেপি বিৰোধী বিৰোধী সমভাৱাপন্ন দলৰ স’তে ঐক্যবদ্ধ হৈ এআইইউডিএফে নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামিব ৷ এইবাৰ কংগ্ৰেছে এআইইউডিএফতকৈ কম আসন লাভ কৰিব। আনহাতে সাংসদ আছাদুদ্দিন ওৱাইছিৰ এআইএমআইএমৰ স’তেও আলোচনা অব্যাহত আছে বুলি মন্তব্য কৰে আজমলে।




































