Badruddin ajmal:নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামক সাক্ষাৎ আজমলৰ

ajmal new

Badruddin ajmal:

এনএছএ ৰ অধীনত বিগত আঠমাহৰ পৰা নগাঁও জিলা কাৰাগাৰত বন্দী হৈ থকা ধিঙৰ এআইইউডিএফৰ বহুবল্কী বিধায়ক আমিনুল ইছলামক সাক্ষাৎ কৰে এআইইউডিএফৰ মূৰব্বী বদৰুদ্দিন আজমলে

আনহাতে বদৰুদ্দিন আজমলে আগমনৰ সময়ত এআইইউডিএফৰ সমৰ্থকে আমিনুল ইছলামক শীঘ্রেই মুক্তিৰ দাবী এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ৰাজনৈতিক অভিসন্ধিৰে আমিনুল ইছলামক কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি কৈ সমৰ্থক সকলে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি থকাৰ সময়তে আৰক্ষীয়ে বাধাৰোপ কৰে ৷ অৱশ্যে কিছু সময় পিছতে আজমলৰ হস্তক্ষেপত সমৰ্থক সকলে ক্ষান্ত হয় ৷

বিধায়ক আমিনুল ইছলামক সাক্ষাৎ কৰি আহি সাংবাদিকক কয়,আগন্তুক বিধানসভা নিৰ্বাচনত আমিনুল ইছলামে জেলৰ পৰাই ধিঙৰ দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ৷ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ-বিজেপি বিৰোধী বিৰোধী সমভাৱাপন্ন দলৰ স’তে ঐক্যবদ্ধ হৈ এআইইউডিএফে নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামিব ৷ এইবাৰ কংগ্ৰেছে এআইইউডিএফতকৈ কম আসন লাভ কৰিব। আনহাতে সাংসদ আছাদুদ্দিন ওৱাইছিৰ এআইএমআইএমৰ স’তেও আলোচনা অব্যাহত আছে বুলি মন্তব্য কৰে আজমলে।

Exit mobile version