CM Vigilance Raid:
:ৰাজ্যৰ পৰ্যটন বিভাগত ২০১২-১৩ ত সংঘটিত হোৱা বিয়াগোম নিযুক্তি কেলেংকাৰীৰ তদন্ত চলাই থকা মুখ্যমন্ত্ৰী তদাৰকী কোষে মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল দুই সহকাৰী পৰ্যটন বিষয়া প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক ৷ বুধবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত দুই বিষয়াক অনা হয় চিএম ভিজিলেঞ্চৰ কাৰ্যালয়লৈ I
ধৃত দুয়োৰে বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ চিএম ভিজিলেঞ্চৰ ৷ আজিয়ে দুয়োকে চিজেএম আদালতত হাজিৰ কৰাই নিজৰ জিন্মাত ল’ব চিএম ভিজিলেঞ্চে ৷
আনহাতে আজি ভিজিলেন্সে ধেমাজিৰ পৰা গ্ৰেপ্তাৰ কৰে এগৰাকী নিলম্বিত পৰ্যটন বিষয়া নয়নমণি পামেগামক I চিলাপথাৰ থানালৈ নিয়া হয় নয়নমণিক I থানাৰ পৰাই নয়নমণিক গুৱাহাটীস্থিত চিএম ভিজিলেঞ্চৰ কাৰ্যালয়ললৈ অনা হ’ব ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ প্ৰতিবেদনত ৮ জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হৈছিল I যাৰ নিযুক্তিৰ ওপৰত এতিয়া তদাৰকী চলি আছিল । বিষষা কেই গৰাকী হ’ল হিৰণ কুমাৰ শইকীয়া, প্ৰাঞ্জল বৰা, ছায়মীন মান্নান, মেহজুবিন বেগম, অনন্যা বৰঠাকুৰ, গৌতম গগৈ, মাধব দাস, আৰু নয়নমনি পামেগাম।এই আটাইৰে বিৰুদ্ধে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷
উল্লেখ্য যে ২০১২-১৩ ত সংঘটিত হোৱা বিয়াগোম নিযুক্তিৰ সময়ত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সেই সময়ৰ প্ৰৱল প্ৰতাপী ৰকিবুল হুছেইন ৷




































