IJU:
চণ্ডীগড়-পঞ্জাৱ ইউনিয়ন অৱ জাৰ্ণেলিষ্টছ (CPUJ)-ৰ ২৫ বছৰীয়া বাৰ্ষিক সভা আৰু ৰূপালী জয়ন্তী মঙলবাৰে চণ্ডীগড়স্থিত মহাত্মা গান্ধী ৰাজ্যিক ৰাজহুৱা প্ৰশাসন সংস্থা (MGSIPA)-ত অনুষ্ঠিত হয়। দেশৰ ২১খন ৰাজ্যৰ সংবাদিকৰ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ ৰূপ প্রদান কৰে। এই উপলক্ষে ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়ন (IJU)-ৰ নতুন অস্থায়ী ৰাষ্ট্ৰীয় কার্যনির্বাহী সমিতি (NEC) গঠন কৰা হয়।
নতুন NEC-এ গীতাৰ্থ পাঠকক সভাপতি, বিনোদ কোহলীকে সাধাৰণ সম্পাদক, আৰু এছ. সবানায়কন আৰু ছাবিনা ইন্দৰজিতক উপদেষ্টা হিচাপে নিৰ্বাচন কৰে। বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকলক অন্তৰ্ভুক্ত কৰা হয়। ছয় মহৰ ভিতৰত IJU-ৰ পূৰ্ণাংগ অধিবেশন আৰু নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হয়। বি. আৰ. প্ৰজাপতীক মুখ্য ৰিটাৰ্নিং অফিচাৰ হিচাপে দায়িত্ব দিয়া হয়।
ইয়াৰ পূৰ্বে CPUJ-ৰ ৰূপালী জয়ন্তী অনুষ্ঠানত চণ্ডীগড়ৰ মেয়ৰ হৰপ্ৰীৎ কৌৰ বাবলাই দীপ প্ৰজ্বলন কৰি অনুষ্ঠান উদ্বোধন কৰে। পঞ্জাবৰ বিত্ত মন্ত্ৰী হৰপাল সিং চীমা, মুখ্য অতিথি হিচাপে উপস্থিত হৈ সাংবাদিকসকলৰ সমাজ গঠনকাৰী ভূমিকা প্রশংসা কৰে আৰু CPUJ-ক ৫ লাখ টকা আর্থিক সহায় ঘোষণা কৰে। অনুষ্ঠানত ৰূপালী জয়ন্তী স্মাৰকো উন্মোচন কৰা হয়।
CPUJ-ৰ সভাপতি বিনোদ কোহলীয়ে সংগঠনৰ যাত্ৰা, সফলতা আৰু UNESCO-ৰ বেঙ্গালৰু কর্মশালাত CPUJ-ৰ অংশগ্ৰহণৰ বিষয়ে আলোচনা কৰে। প্ৰাচীন কলা কেন্দ্রৰ শিশু কলাকাৰসকলে “বন্দে মাতৰম্” পৰিবেশন কৰি অনুষ্ঠানক সমৃদ্ধ কৰে।
অনুষ্ঠানৰ অন্তত দেশৰ বিভিন্ন স্থানৰ সাংবাদিকসকলক সন্মান জনোৱা হয়। CPUJ-ৰ ২৫ বছৰৰ এই অভিযান আৰু সাংবাদিকসকলৰ সমাজ সেৱাৰ প্ৰতিশ্ৰুতি একে সময়তে উজ্জ্বলিত হয়।




































