Janata Bhawan:
অসম চুক্তিক লৈ শনিবাৰে সন্ধিয়া জনতা ভৱনত আছুৰে এক বৈঠকত মিলিত হ’ব ৰাজ্য চৰকাৰ। বহুচৰ্চিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্রতিবেদনক লৈ হ’ব এই আলোচনা ৷ বৈঠকত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা , অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা সহ ৰাজ্য চৰকাৰৰ কে’বাজনো বিষয়া উপস্থিত থকাৰ বিপৰীতে আছুৰ হৈ উপস্থিত থাকিব আছুৰ মুখ্য উপদেষ্টা ড:সমজ্জুল ভট্টাচাৰ্য,সভাপতি উৎপল শৰ্মা, ,সাধাৰণ সম্পাদক সমীৰণ ফুকন সহ কে’বাজনো জ্যেষ্ঠ নেতা ৷
