Wild Elephant Attack in Nagaon:
শীত নামি অহাৰ লগে লগে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ভৈয়ামত সৃষ্টি কৰে সন্ত্ৰাসৰ ৷ নগাঁৱৰ দক্ষিণণাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে । সোমবাৰে পুৱাই সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ নগাঁৱৰ নৈপামত পুৱা প্ৰাতঃভ্ৰমণলৈ যোৱা দুই মহিলাক হঠাতে আক্ৰমণ কৰে বনৰীয়া হাতীয়ে ৷ হাতীৰ গছকত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় ৰিকু দাস নামৰ মহিলা গৰাকীয়ে। আনহাতে মাধৱী দাস নামৰ আন এগৰাকী মহিলাক স্থানীয় লোকে সংকটজনক অৱস্থাত নগাঁৱস্থ এনএমচিএইছলৈ প্ৰেৰণ পৰে ৷
আনহাতে স্থানীয় লোকে অভিযোগ কৰা মতে এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক ৷
ADVERTISEMENT




































