Delhi:✒️বিগত কে’বা বছৰ ধৰি বায়ু প্ৰদূষণ নিয়ন্ত্রণ দিল্লী চৰকাৰ-প্ৰশাসনৰ বাবে মূৰৰ কামোৰণি হৈ পৰাৰ পাছত সম্প্রতি পৰিস্থিতি নিয়ন্ত্রণহীন হৈছে। ইয়াকে লৈ আনকি অব্যাহত আছে নাগৰিকৰ বিক্ষোভ-প্রতিবাদো। প্রশাসনে কঠোৰ স্থিতি গ্রহণ কৰি নানা বিধি নিষেধ জাৰি কৰাৰ সময়তে সোমবাৰে প্ৰদূষণৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ অহা বিক্ষোভকাৰীৰ মুখত মাওবাদীৰ সমর্থনত শ্ল’গান-প’ষ্টাৰ প্রদর্শনে সমগ্র বিষয়টোক এক জটিল ৰূপ দিয়ে।
দিল্লীত ভয়াৱহ প্ৰদূষণৰ বিৰোধিতা কৰাসকলৰ মুখত উচ্চাৰিত হয় মাওবাদী নেতাৰ দীর্ঘ জীৱনৰ কামনাৰে শ্ল’গান। ইয়াকে লৈ তীব্র উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয় আৰু আৰক্ষীয়ে এই পর্যন্ত নিৰাপত্তাৰক্ষীক আক্ৰমণৰ অভিযোগত ২২ জনক গ্রেপ্তাৰ কৰিছে।
উল্লেখ্য যে দিল্লীৰ বায়ুমণ্ডলৰ মান সম্প্রতি ভয়াবহ। বিষাক্ত বায়ুৰ পৰা কিদৰে মুক্তি লভিব পাৰি তাকে লৈ নানা পৰীক্ষা-নিৰীক্ষা কৰি আছে দিল্লী চৰকাৰে। ইয়াৰ সমান্তৰালভাবে অব্যাহত আছে দিল্লীবাসীৰ প্ৰতিবাদ। এই পর্যন্ত কোনো সমাধান সূত্র বাহিৰ হোবা নাই। ইপিনে, আজিও প্ৰদূষণৰ বিৰুদ্ধে ৰাজধানী মহানগৰীখনৰ ঐতিহাসিক ইণ্ডিয়া গেটৰ সন্মুখত প্রতিবাদত নামি পৰে ক্ষুব্ধ নাগৰিকসকলে।
ক্রমশঃ প্ৰতিবাদৰ চেহেৰাই ভিন্ন ৰূপ ধাৰণ কৰে। কিছু সংখ্যক প্ৰতিবাদকাৰীৰ মুখত উচ্চাৰিত হয় মাওবাদী নেতা মাধৱী হিদমাক লৈ শ্ল’গান। একাংশৰ হাতে হাতে আছিল ‘হিদমা অমৰ হওক’ জাতীয় শ্ল’গান লিখা প’ষ্টাৰ। অভিযোগ অনুসৰি, প্ৰতিবাদকাৰীসকলে কৰ্তব্যৰত আৰক্ষীৰ চকুত শুকান জলকীয়াৰ স্প্রে নিক্ষেপ কৰে। ইয়াকে লৈ উত্তেজনা অধিক বৃদ্ধি পায়। এই সংক্রান্তত এই পর্যন্ত ২২ জনক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে। ইয়াৰে ১৭ জনক তিনিদিনৰ বাবে আদালতে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে দেওবাৰৰ পৰাই দিল্লীত প্ৰদূষণৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত আছে। প্ৰতিবাদকাৰীসকলৰ দাবী যে ৰাজধানী মহানগৰীখনত প্ৰদূষণ হ্ৰাসৰ বাবে চৰকাৰে দ্রুত পদক্ষেপ গ্ৰহণ কৰা নাই। এই প্ৰতিবাদৰ বাবে কোনো ৰাজনৈতিক দলৰ পতাকা বা বেনাৰ অবিহনে বহু লোক সমবেত হয়। আৰক্ষীয়ে প্রতিবাদকাৰীসকলক প্রতিহত কৰিবলৈ লওঁতে দুয়োেপক্ষৰ মাজত খণ্ডযুদ্ধ আৰম্ভহয়। দুয়োপক্ষৰ মাজত হেঁচা-ঠেলা, মাৰপিটৰ ঘটনাও সংঘটিত হয়। অভিযোগ অনুসৰি, বিক্ষোভকাৰীসকলে ছটিওৱা জলকীয়া স্প্রে’ত কে’বাজনো আৰক্ষী কর্মী আহত হৈছে। ইয়াৰ পাছত প্রতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে কয় যে বিক্ষোভকাৰীসকলে বাৰে বাৰে এম্বুলেন্স বা জৰুৰী পৰিসেৱাৰ পথ ৰোধ কৰিছিল। তেওঁলোকক আঁতৰিবলৈ কওঁতে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে। আৰক্ষীয়ে দাবী কৰে যে তেওঁলোকে – বিক্ষোভকাৰীসকলক বুজাবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকে আঁতৰিবলৈ সাজু নহ’ল আৰু বেৰিকেড ভাঙি ৰাস্তাৰ মাজত বহি পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু সেই সময়তে কে’বাজনো বিক্ষোভকাৰীয়ে আৰক্ষীৰ ওপৰত জলকীয়াৰ গুড়ি ছটিয়ায়। এইদৰে দেওবাৰৰ পৰা প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি মাওবাদীৰ পক্ষত শ্ল’গান দিয়াৰ লগতে প’ষ্টাৰ হাতত লয় একাংশই।
উল্লেখ্য যে ১৮ নৱেম্বৰত চত্তিছগড়ৰ ছুকমা জিলাৰ সংলগ্ন অন্ধ্রপ্রদেশৰ আলুৰি সীতাৰাম ৰাজু জিলা আৰক্ষীৰ স’তে সংঘৰ্ষত নিহত হয় নিষিদ্ধ মাওবাদীৰ কেন্দ্ৰীয় কমিটীৰ তৰুণতম সদস্য হিদমা।
এই প্ৰতিবাদৰ সময়তে কালি ইণ্ডিয়া গেটৰ চৌহদত চৰম বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। আহত এজন আৰক্ষীৰ আঘাত গুৰুতৰ বুলিও কোৱা হৈছে। দিল্লী আৰক্ষীয়ে জনোৱা মতে, আহত আৰক্ষীজনৰ নাম হৈছে ঈশান্ত। নতুন দিল্লীৰ ডিচিপি দেবেশ কুমাৰ মাহলাই এই ঘটনাক নজিৰবিহীন আখ্যা দিছে। তেওঁ কয়, ‘এয়া অতি অস্বাভাৱিক ঘটনা। প্ৰথমবাৰ দেখিলো য’ত বিক্ষোভকাৰীয়ে ট্রেফিক আৰু আইন-শৃংখলাৰ দায়িত্বত থকা কৰ্মীসকলৰ ওপৰত এইদৰে স্প্রে ব্যৱহাৰ কৰিলে।’
নিদ্রা হৰিছে দিল্লী প্ৰশাসনৰ
ইপিনে, বিষাক্ত বতাহত দিল্লীৰ হাঁওফাঁও দুৰ্বল হ’বলৈ ধৰিছে। এই ভয়াৱহ প্ৰদূষণক লৈ নিদ্রা হৰিছে দিল্লী প্ৰশাসনৰ। কালি ৰাজধানী মহানগৰীৰ কিছুমান অঞ্চলত বায়ুৰ গুণমান (একিউআই)-এ চাৰিশ স্পৰ্শ কৰিছে। এই প্রেক্ষাপটতে পুনৰ কঠোৰ বিধি নিষেধ জাৰি কৰিলে দিল্লী প্রশাসনে।
এই মর্মে দিল্লীৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিভাগক নির্দেশ জাৰি কৰা হৈছে যাতে এতিয়াৰে পৰা ৫০ শতাংশ কর্মীহে কার্যালয়ত উপস্থিত থাকে। বাকী অর্ধেক কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম বা ‘ৱৰ্ক ফ্রম হোম’ কৰিব লাগিব। দিল্লীত ক্রমবর্ধমান বায়ু প্ৰদূষণৰ বাবে দুদিন মান পূৰ্বৰে পৰা তৃতীয় স্তৰৰ ‘গ্রেডেড ৰেচপন্স একচন প্লেন’ (জিআৰএপি-৩) আৰম্ভ হৈছে।
কেন্দ্ৰৰ বায়ুমান ব্যৱস্থাপনা আয়োগ (চিএকিউএম)-এ এই নির্দেশ দিছে। ইতিমধ্যে স্কুল-কলেজৰ বাবেও নানা বাধা নিষেধ ঘোষণা কৰিছে দিল্লী চৰকাৰে। এই মর্মে শিশুসকলক মুকলি খেলপথাৰত খেলা-ধূলাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। স্কুল-কলেজসমূহত নৱেম্বৰ আৰু ডিচেম্বৰত কোনো ধৰণৰ ক্ৰীড়া কাৰ্যসূচী থাকিলে সেয়া পিছুৱাই দিব লাগিব।
উল্লেখ্য যে একিউআই ২০১ৰ পৰা ৩০০ৰ ভিতৰত থাকিলে জিআৰএপি-১ বিধি নিষেধ কাৰ্যকৰী হয়। জিআৰএপি-২ কাৰ্যকৰী হয় একিউআই ৩০১ৰ পৰা চাৰিশৰ ভিতৰত থাকিলে। একিউআই ৪০১ৰ পৰা ৪৫০ৰ ভিতৰত হ’লে জিআৰএপি-৩ কাৰ্যকৰী হয় আৰু একিউআই ৪৫১ অতিক্ৰম কৰিলে জিআৰএপি-৪ কাৰ্যকৰী হয়।
দিল্লী চৰকাৰে জনোৱা মতে, এতিয়াৰে পৰা এক স্তৰ পাছৰ নিয়ম মানি চলিব লাগিব জনসাধাৰণে। অর্থাৎ জিআৰএপি-৩ বলবৎ হৈ থাকিলেও জিআৰএপি-৪ মানিব লাগিব।
