উন্নয়নৰ জয়গান গোৱা হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ কার্যকালত ৰাজ্যৰ স্বাস্থ্যখণ্ডত অৰাজকতা সৃষ্টিৰ অভিযোগ উঠিছে। বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ স্বাস্থ্যখণ্ডত পর্যাপ্ত চিকিৎসক-কৰ্মচাৰী নাই বুলি অভিযোগ তুলি কালি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্রদেশ কংগ্ৰেছৰ স্বাস্থ্য সেৱা বিভাগ। বিভাগৰ অধ্যক্ষ ডাঃ মৃদুপৱন মহন্তই কালি এক সংবাদমেলত কয় যে ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ পৰা একাংশ চিকিৎসক আৰু চিকিৎসা কর্মীক ৰাইজৰ সেৱাৰ পৰা অপসাৰিত কৰিব বিচাৰিছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে যোৱা ১৪ নৱেম্বৰত এক জাননী জাৰি কৰিছে আৰু এই জাননী অনুসৰি প্রায় এবছৰ গ্রামাঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱা ১২২ জন চিকিৎসকৰ চাকৰিৰ নিৰাপত্তা নোহোৱা হৈছে। অহা ৩০ নৱেম্বৰৰ ভিতৰত বহু চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ চাকৰিৰ কাৰ্যকাল শেষ হ’ব বুলি জাননীখনত ঘোষণা কৰা হৈছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই অসমৰ গ্ৰামাঞ্চলৰ লোকসকলক স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত কৰিব বুলি ডাঃ মহন্তই মন্তব্য কৰে। লগতে তেওঁ অভিযোগ কৰি কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন চমুকৈ এনএইছএমত কৰ্মৰত প্রায় ২২ হেজাৰ চিকিৎসা তথা স্বাস্থ্যখণ্ডৰ লোকৰ চাকৰিৰ কোনোধৰণৰ নিৰাপত্তা নাই।
মুখ্যমন্ত্রী ড° শর্মাই ২০১৮৩ সপ্তম দৰমহা আয়োগৰ অধীনত এনএইছএমৰ চিকিৎসা কর্মীসকলক দৰমহা দিয়াৰ কথা ঘোষণা কৰিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। নিয়ম অনুসৰি, সকলো চৰকাৰী কৰ্মচাৰীৰ সমান কামৰ বাবে সমান দৰমহাৰ ব্যৱস্থা আছে যদিও এনএইছএমৰ কৰ্মচাৰীৰ ক্ষেত্রত এই নীতি প্রযোজ্য নহয় বুলি ডাঃ মন্তব্যই মন্তব্য কৰে। তেওঁ পুনৰ কয়, ‘অসমত চিকিৎসা খণ্ডৰ উন্নতিৰ নামত বহু চিকিৎসা মহাবিদ্যালয় নির্মাণ কৰা হৈছে যদিও এই চিকিৎসালয়সমূহত চিকিৎসক আৰু বিশেষজ্ঞৰ লগতে কাৰিকৰী কৰ্মীৰ অভাব। নতুন নতুন ভবন নির্মাণ হৈছে আৰু এই ভৱনসমূহত চিকিৎসা খণ্ডৰ পৰীক্ষাগাৰ আৰু অন্যান্য যন্ত্রাংশক সংলগ্ন কৰা হৈছে যদিও চিকিৎসক আৰু বিশেষজ্ঞৰ অভাব। চৰকাৰী হাস্পতালসমূহত উপযুক্ত ধাত্ৰী আৰু কৰ্মচাৰীৰ অভাৱ। নলবাৰীৰ এখন চৰকাৰী চিকিৎসালয়ত শেহতীয়াকৈ চিকিৎসালয়ত ভর্তি হ’বৰ বাবে টিকট কাটিবলৈ গৈ ৰোগীসকল হতাশ হৈছে। কিয়নো অনলাইন ব্যৱস্থাৰ যোগেদি কিউআৰ কোডত ধন জমা দিবলগীয়া হয়। গাঁৱৰ বহু মানুহে স্মার্ট ফোন নথকাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।’
ইফালে, চৰকাৰে আয়ুষ্মান কার্ড বন্ধ কৰি দিয়াত সাধাৰণ ৰোগীৰ অৱস্থা শোচনীয় হোৱা বুলি উল্লেখ কৰি ডাঃ মহন্তই কয় যে চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহে সততে কৰ্কট ৰোগীৰ বাবে প্রয়োজন হোৱা ৰেডিঅ’ থেৰাপীৰ যন্ত্র বেয়া হৈ থাকে। একেদৰে হৃদৰোগৰ লগত জড়িত বিভিন্ন যন্ত্র-পাতিও মেৰামতিৰ অভাৱত বিকল হৈ থাকে। এতিয়া জৰুৰী অৱস্থাত থকা ৰোগীসকলে বিনামূলীয়া চিকিৎসাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যাবলগীয়া হয় যদিও তাত আয়ুষ্মান কাৰ্ডৰ সেৱা উপলব্ধ নহয়। অসমৰ চুবুৰীয়া ৰাজ্যসমূহে আয়ুষ্মান কাৰ্ডৰ যোগেদি অসমলৈ আহি চিকিৎসা কৰিব পাৰে যদিও অসমত এই কাৰ্ডৰ সেৱা বন্ধ কৰি ৰখা হৈছে।
ইয়াৰ ফলত অসমৰ কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়ালসমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বুলি কয়। লগতে তেওঁ অসমত চৰকাৰী স্বাস্থ্যখণ্ডত বুনিয়াদী সা-সুবিধা নথকাৰ বাবে প্রসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা বুলি অভিযোগ কৰে। একেদৰে সংবাদমেলত উপস্থিত থকা ডাঃ অমিত তালোৱাৰে কয় যে প্রাথমিক স্বাস্থ্য খণ্ডত চিকিৎসক তথা বিশেষজ্ঞৰ অভাৱ বাবে ৰোগীসকল সমস্যাত পৰি আহিছে।
বর্তমান অসমত ১৩খন চিকিৎসা মহাবিদ্যালয় আছে যদিও এইসমূহত প্রয়োজনীয় চিকিৎসক তথা চিকিৎসা কর্মীৰ অভাৱ। বিশেষজ্ঞ চিকিৎসক নোহোৱা বাবে আবাসিক চিকিৎসকৰ দ্বাৰা চিকিৎসা মহাবিদ্যালয়সমূহ চলি আছে।






























