Winter Sessions of the Assam Legislative Assembly begins:
আজিৰ পৰি পাঁচদিনীয়া আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিবেশন।নির্বাচনৰ পূৰ্বে ড:হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালৰ এইখন অন্তিমখন শীতকালীন অধিবেশন।
পুৱা ৯-৩০ বজাৰ পৰা হোৱা সদনৰ কামকাজ প্রশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় ৷ আনহাতে ব্যতিক্ৰমী ৰূপত সদনলৈ আহে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। হাতত জুবিনৰ ন্যায় বিচাৰি প’ষ্টাৰ লৈ সদনত প্ৰৱেশ কৰি গৃহমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ শ্ল’গান দিয়ে বিধায়ক গৰাকীয়ে।
আনহাতে উচ্ছেদৰ বিৰুদ্ধে বিধানসভা চৌহদত হাতে হাতে প্লেকাৰ্ড লৈ এআইইউডিএফ বিধায়ক সকলে মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিৰ তলত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
সদনৰ প্ৰশ্নোত্তৰ শিতানৰ কামকাজ আৰম্ভ হওতেই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অখিল গগৈ সহ কে’বাজনো বিৰোধী বিধায়ক সৰৱ হৈ পৰে ৷
উল্লেখ্য যে এইবাৰৰ বিধানসভাত কমেও ২৭ খন সংশোধনী বিধেয়ক উত্থাপন কৰা হ’ব। ১৯৮৩ৰ নেলীৰ হত্যাকাণ্ডক লৈ তিৱাৰী আয়োগৰ প্ৰতিবেদনো কাইলৈ ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে। সমান্তৰালভাৱে বেচৰকাৰী খণ্ডত গঠিত মেহতা আয়োগৰ প্রতিবেদনো কাইলৈ বিতৰণ কৰা হ’ব। ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্রীগোটৰ প্ৰতিবেদন অহা ২৭ নৱেম্বৰত বিধানসভাত দাখিল কৰা হ’ব।
কার্যতঃ এইখনেই হ’ব ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ অন্তিমখন শীতকালীন অধিবেশন। নিৰ্বাচনৰ আগমুহূর্তত বাজেট অধিবেশন অনুষ্ঠিত হ’ব যদিও সেয়া পূর্ণাংগ নহ’ব। সেয়েহে এইখন অধিবেশনৰ সময়তে বিভিন্ন দল-সংগঠনে নিজৰ নিজৰ দাবীসমূহ উত্থাপনৰ বাবে সাজু হৈছে। ইতিমধ্যে জনজাতিকৰণৰ দাবীটোক লৈ সংশ্লিষ্ট জনগোষ্ঠীকেইটাই ৰাজ্যৰ পৰিবেশ উত্তাল কৰি তুলিছে। একেদৰে দল-সংগঠনবোৰেও অধিবেশনৰ সময়ছোৱাত গুৱাহাটীত তেওঁলোকৰ দাবীসমূহ প্রতিবাদী কাৰ্যসূচীৰ জৰিয়তে উত্থাপনৰ বাবে সাজু হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কোনো অপ্রীতিকৰ তথা আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহ’বলৈ সমগ্র গুৱাহাটীত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জনতা ভৱন আৰু বিধানসভা ভৱনক কেন্দ্ৰ কৰি দিছপুৰৰ সুৰক্ষা ব্যৱস্থা বিশেষভাৱে কঠোৰ কৰি তোলা হৈছে।




































