Exercise:✒️আজিৰ দিনত এটা সাধাৰণ স্বাস্থ্য সমস্যা হৈছে কঁকাল, পেটৰ চর্বি বৃদ্ধি পোৱা। পেট-কঁকালৰ চৰ্বি বৃদ্ধি পালে চেহেৰা অনাকর্ষণীয় হয়। যিসকল লোকে জিমলৈ গৈ শৰীৰ চর্চা কৰিবলৈ সময়-সুবিধা লাভ নকৰে, তেওঁলোকে ঘৰতে মাত্র ১৫ মিনিট তলত দিয়া ব্যায়াম কৰিলে অতি সহজে পেট-কঁকালৰ মেদ আঁতৰ হ’ব।
ফ্র’ণ্ট প্লাংক উদৰ হ্ৰাসৰ বাবে অতি কার্যকৰী। যোগমেটত শুই ভৰিৰ আঙুলি আৰু হাতৰ গোৰাত ভৰ দি শৰীৰ সমান্তৰালভাৱে ভাৰসাম্য কৰি ৰাখক। মূৰটো সম্মুখৰ দিশত ৰাখিব। ১৫ ছেকেণ্ড এইদৰে থাকক। দৈনিক তিনিবাৰ এই ব্যায়াম কৰক।
ছাইড প্লাংকে কঁকালৰ মেদ হ্রাসত সহায় কৰে। তদুপৰি এবছ ট’নক কৰে। যোগামেটত শুই ভৰিৰ পৰা আৰু এখন হাতৰ ওপৰত শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰক। আনখন হাত থাকিব ওপৰৰ ফালে শূন্যত। ১৫ ছেকেণ্ড এইদৰে থাকিব আৰু তাৰ পাছত ইখন ভৰি আৰু হাতৰে একে অনুশীলন কৰক।
বাইচাইকেল ক্রাঞ্চ পেটৰ চৰ্বি হ্রাসৰ বাবে খুব ভাল ব্যায়াম। যোগমেটত কঁকালৰ ওপৰভাগ শৰীৰৰ ভাৰসাম্যতা ৰখা কৰি ৰাখক। ভৰি দুখন ভাঁজ কৰি হাত দুখন মূৰৰ ফালে ৰাখক। এইবাৰ সোঁহাত সন্ধিৰে বাওঁভৰিৰ আঁঠু আৰু বাঁওহাতৰ সন্ধিৰে সোঁভৰিৰ আঁঠু স্পৰ্শ কৰক। ১০ বাৰ তিনি ছেটত এইদৰে ব্যায়াম কৰক। উদৰ বৃদ্ধিৰ পৰা সকাহ পাব।
ৰাছিয়ান টুইষ্টৰ জৰিয়তেও পেটৰ চর্বি কমাব পাৰি। যোগমেটত কঁকালৰ ওপৰত শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰি বহক। ভৰি দুখন ভাঁজ কৰি ৰাখিব। হাতত এটা বল লওক। বলটো এবাৰ বাওঁ কঁকালৰ কাষত আৰু আনবাৰে সোঁ-কঁকালৰ কাষত ৰাখক। তিনি ছেটত ১৫ বাৰকৈ এই ব্যায়াম কৰক।
সর্বশেষত কৰক মাউন্টেইন ক্লাইম্বাৰ। যোগমেটৰ ওপৰত হাত আৰু ভৰিৰ পতাৰ ওপৰত ভৰ দি শৰীৰৰ ভাৰসাম্যতা ৰাখক। এতিয়া পাহাৰত উঠাৰ সময়ত শৰীৰত যিদৰে চলমান হয়, তেনে কৰক। এই অভ্যাসে পেটৰ চৰ্বি হ্রাস কৰি উদৰ নিয়ন্ত্ৰণত ৰাখে।






























