South Africa humiliate India by 408 runs:
বর্ষাপাৰাৰ টেষ্টত দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ ৷৪০৮ ৰানত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাৰ শৃংখলা জয় ৷ বিশাল অগ্ৰগতি লৈ দক্ষিণ আফ্ৰিকাই শৃংখলাত ভাৰতক হোৱাইট ৱাশ্ব’ কৰি ইতিহাস ৰছে ৷
কিয়নো ৰাণৰ পাহাৰ সন্মুখত লৈ ভাৰতে আজি টেষ্টৰ অন্তিম দিনা জয়লাভ কৰাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিছিল। পঞ্চম দিনাৰ খেলত আঠ উইকেট বাকী থকা অৱস্থাত ভাৰতক জয়ৰ বাবে আৰু ৫২২ ৰাণৰ প্ৰয়োজন। দক্ষিণ আফ্রিকাই কালি পাঁচ উইকেটত ২০১ ৰাণ সংগ্ৰহ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে। ফলত দলটোৰ সামগ্রিক অগ্রগতি হয় ৫৪৮ ৰাণৰ। ভাৰতে সাৱধানেৰে দ্বিতীয় ইনিংছ মুকলি কৰিলেও দিনান্তলৈ ২৭ ৰাণ সংগ্ৰহ কৰোতেই দুই অপেনাৰৰ পতন ঘটে। যশস্বী জয়ছোৱালে ১৩ আৰু লোকেশ ৰাহুলে ছয় ৰাণ কৰি আউট হোৱাৰ পাছত ছাই সুদর্শনে দুই আৰু ‘নৈশপ্রহৰী’ কুলদীপ যাদৱে চাৰি ৰাণত অপৰাজিত হৈ ৰয়।
কিন্ত আজি পুৱা ভাৰতীয় বেটাৰসকলে দক্ষিণ আফ্ৰিকাৰ বলাৰ সকলৰ ওচৰত তিস্তিব নোৱাৰি ইজনৰ পিছত সিজনকৈ বেটচমেন পেভিলিয়নমুখী হৈ অৱশেষত ১১৪ ৰাণতে অলআউট হয় । অৰ্থাৎ ৪০৮ ৰাণৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দলটো ৷
ইয়াৰ পূৰ্বে কালি দক্ষিণ আফ্ৰিকাৰ বেটাৰসকলে অনায়াসে ভাৰতীয় বলাৰৰ মোকাবিলা কৰিছিল। ৰিয়ান ৰিকেলটন (৩৫) আৰু এইডেন মাৰ্কৰাম (২৯) ৰ মাজত ৫৯ ৰাণ সংগ্ৰহ হোৱাৰ পাছত কম সময়তে দলটোৱে দুই অপেনাৰৰ লগতে অধিনায়ক বাভুমা (৩)ক হেৰুৱাইছিল। যদিও ট্রিষ্টান ষ্টাবছে টনী ডি জর্জি (৪৯) আৰু উইয়ান মূল্ডাৰ (৩৫ অপঃ)ৰ স’তে যুটি বান্ধি দলৰ ৰাণসংখ্যা বৃদ্ধি কৰে। অৱশ্যে ব্যক্তিগত ৯৪ ৰাণত আউট হোৱাত শতকৰ পৰা বঞ্চিত হয় বছ। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই চাৰিটা উইকেট দখল কৰে।
