ICC Women World Cup Cricket:
:শাৰদীয় দুর্গা পূজাৰ মাজতে গুৱাহাটীত উদ্বোধন হয় আইচিচিৰ মহিলা বিশ্বকাপ ক্রিকেটৰ। অসম ক্রিকেট সন্থাৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামত যোৱা ৩০ ছেপ্টেম্বৰত প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ লগতে ভাৰত আৰু শ্রীলংকাৰ মাজত প্রথমখন মেচ অনুষ্ঠিত হয়। মেচখনত ভাৰতে ৫৯ ৰাণত জয়লাভ কৰে।
ADVERTISEMENT
আনহাতে, গুৱাহাটীত আজি মহিলা বিশ্বকাপৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব। খেলখনত প্রতিদ্বন্দ্বিতা কৰিব ইংলণ্ড আৰু দক্ষিণ আফ্রিকাই। শক্তিৰ দিশৰ পৰা ইংলণ্ডে খেলখনত ফেভাৰিটৰ ৰূপত অৱতীৰ্ণ হ’ব। অৱশ্যে বিগত কিছু সময়ত দক্ষিণ আফ্ৰিকাৰ মহিলা দলেও যথেষ্ট শক্তি বৃদ্ধি কৰিছে। সেই দিশৰ পৰা আজিৰ খেলখন উপভোগ্য হৈ উঠিব বুলিয়ে আশা কৰা হৈছে ।






























