প্ৰদূষণৰ কৱলত দিল্লী, উচ্চতম ন্যায়ালয়ৰ শুনানি প্ৰক্ৰিয়া ভাৰ্চুৱেলি অনুষ্ঠিত কৰিবলৈ অনুৰোধ অধিবক্তাৰ

Untitled 1 122 1

Delhi Pollution:দিল্লী প্ৰদূষণৰ প্ৰভাৱ পৰিল উচ্চতম ন্যায়ালয়ত। বুধবাৰে এছ আই আৰ সন্দৰ্ভত শুনানিৰ সময়ত অধিবক্তা ৰাকেশ দ্বিবেদীয়ে মুখ্য ন্যায়াধীশৰ আগত নিজৰ শ্বাসকষ্টৰ সমস্যাৰ কথা উল্লেখ বৰ্তমান ৰাজধানীৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি বৰ্তমান আদালতৰ শুনানি ভাৰ্চুৱেল মাধ্যমে অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায়।

উপস্থিত থকা জ্যেষ্ঠ ন্যায়াধীশ কপিল ছিবালেও তেওঁক সমৰ্থন কৰে।দিল্লীৰ প্ৰদূষণৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ পৰিস্থিতি আমাৰ দৰে জ্যেষ্ঠ নাগৰিকৰ বাবে অতি কঠিন।

তেওঁলোকৰ কথাত সন্মতি প্ৰকাশ কৰি মুখ্য ন্যায়াধীশে কয় যে, তেওঁ নিয়ম মানি চলে আৰু প্ৰতিদিনে পুৱা কমেও এঘণ্টা খোজকাঢ়ে। মঙলবাৰে তেনে কৰাৰ সময়ত তেওঁ অস্বস্তি অনুভৱ কৰিছিল। একে সময়তে তেওঁ এই বিষয়ে চিন্তা কৰিব বুলিও ক’লে।

একে সময়তে তেওঁ যি সিদ্ধান্ত ল’ব, বাৰ এছ’চিয়েশ্যনৰ স’তে আলোচনা কৰি ল’ব বুলিও কয়। বুধবাৰে সন্ধিয়া বাৰ প্ৰতিনিধিৰ স’তে হোৱা বৈঠকৰ অন্তত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ ইংগিত দিয়ে।

প্ৰসংগক্ৰমে বৰ্ধিত বায়ু প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে দিল্লী চৰকাৰে নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সকলো স্কুল-কলেজ ফিল্ড ইভেণ্ট পিছুৱাই দিয়াৰ নিৰ্দেশ দিয়ে।

একে সময়তে চৰকাৰী আৰু বেচৰকাৰী সকলো কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীকো ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Exit mobile version