Chhatishgarh:✒️এদিন আগতে তেওঁলোকে ‘শেষ নিশ্বাস পৰ্যন্ত যুঁজিব’ বুলি সকীয়াই দিছিল। কিন্তু এদিন পাছতে চত্তীশগড়ত আত্মসমৰ্পণ কৰিলে ৪৩জন মাওবাদীয়ে।
সকলো মিলাই আত্মসমৰ্পণকাৰী মাওবাদীসকলৰ মূৰৰ দাম আছিল ১.৩ কোটি টকা। তথ্য অনুসৰি, বিজাপুৰ জিলাত ৪১জন মাওবাদীয়ে আজি নিজৰ অস্ত্ৰসহ আত্মসমৰ্পণ কৰে। ইয়াৰে ১২ গৰাকী মহিলা।
সৰ্বমুঠ তেওঁলোকৰ মূৰৰ মূল্য আছিল ১.১৯ কোটি টকা। একেদিনাই ৰাজনান্দগাঁও জিলাত আন এক মাওবাদী দম্পতীয়েও আত্মসমৰ্পণ কৰে । তেওঁলোকৰ মূৰৰ মূল্য আছিল ২০ লাখ টকা।
প্ৰাপ্ত তথ্য অনুসৰি,”নৃশংস” আৰু “অমানৱীয়” মাওবাদী মতাদৰ্শৰ প্ৰতি হতাশা আৰু বিৰক্ত হৈ তেওঁলোকে এই সিদ্ধান্ত লৈছে । আত্মসমৰ্পণ কৰা বহু মাওবাদী সংগঠনটোৰ গুৰুত্বপূৰ্ণ পদবীত আছিল।
