Climatic Change:✒️পৃথিৱীক জীৱৰ বাসপোযোগী কৰি ৰখা হিমবাহ থকা বিভিন্ন পর্বতত আন অঞ্চলতকৈ অধিক হাৰত উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে। বিগত কে’বাটাও দশক ধৰি সংঘটিত হৈ থকা এই ঘটনাই বিশ্বৰ এশ কোটিৰো অধিক লোকৰ জীৱন-জীৱিকাৰ প্ৰতি প্রচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে।
এই সংক্রান্তীয় এক অধ্যয়নত কোৱা হৈছে যে এনেদৰে উষ্ণতা বৃদ্ধি পাবলৈ ধৰা পৰ্বতমালাৰ মাজত হিমালয়ো আছে। এই অধ্যয়নত লগতে আঙুলিয়াই দিয়া হৈছে যে যি হাৰত এই পৰ্বতসমূহত উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে, তাৰ হাৰ পৃথিৱীৰ আন অঞ্চলৰ তুলনাত ৫০ শতাংশৰ অধিক।
লক্ষ্যণীয় যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ কেতবোৰ অঞ্চলৰ পৰিৱেশ সলনি হোৱা বুলি দীর্ঘদিন ধৰি বিভিন্ন গৱেষণাই কৈ আহিছে। এনে অৱস্থাতে ব্রিটেইনৰ প’ৰ্টছমাউথ বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকৰ নেতৃত্বত এটা আন্তর্জাতিক বিজ্ঞানীৰ দলে হিমালয়কে ধৰি বিভিন্ন পৰ্বতৰ বিগত কিছু দশকত উষ্ণতা বৃদ্ধি সম্পর্কীয় অধ্যয়ন সম্পন্ন কৰে।
এই অধ্যয়নত দেখা যায় যে ১৯৮০ৰ পৰা ২০২০ৰ সময়ছোৱাত এই পর্বতসমূহত উষ্ণতা ০.২১ ডিগ্রী চেলচিয়াছ বৃদ্ধি পায়। ফলত এই সময়ছোৱাত হিমবাহৰ বৰফৰ গলনৰ পৰিমাণ শতিকাৰ ভিত্তিত ২৫.৬ মিলিমিটাৰ হয়। এই পৰিস্থিতিয়ে মানুহৰ লগতে আন প্ৰাণীৰ প্ৰতিও শংকা বহন কৰিছে বুলি এই গৱেষকৰ দলটোৰ অন্যতম নিক পেপিনে মন্তব্য কৰে।
তেওঁ লগতে কয়, ‘মেৰুদেশীয় অঞ্চলৰ স’তে সাদৃশ্য থকা বহু লক্ষণ পৰ্বতসমূহৰ ক্ষেত্ৰতো দেখা যায়। এই লক্ষণসমূহৰ দ্রুত পৰিৱৰ্তন ঘটিবলৈ ধৰিছে। ইয়াৰ কাৰণ হৈছে বৰফৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে আৰু আমি পৰিৱেশতন্ত্রত দ্রুত পৰিৱৰ্তন দেখিবলৈ পাইছো। পৰ্বতৰ ওপৰলৈ আমি যিমানেই গৈ থাকো সিমানেই জলবায়ু পৰিৱৰ্তন অধিক গভীৰ হোৱাটো প্রত্যক্ষ কৰো।’
গৱেষকজনে লগতে কয় যে ওখ স্থানসমূহত জলবায়ু পৰিৱৰ্তনৰ হাৰ ত্বৰান্বিত হৈছে। অৱশ্যে এই ক্ষেত্রত অঞ্চল অনুসৰি বৈচিত্র্য আছে বুলিও তেওঁ মন্তব্য কৰে। গৱেষকজনে লগতে কয় যে বহু ক্ষেত্রত দেখা গৈছে যে বৰফৰ স্তৰ হ্রাস হৈছে পৰ্বতৰ ওপৰত উষ্ণতা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ কাৰক। জলবায়ু পৰিৱৰ্তনৰ ফলত বৰফৰ স্তৰ গলিছে।
ফলত এনে অঞ্চলসমূহত উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে। যিহেতু হিমালয় পর্বততো এনে অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হৈছে, গতিকে ভাৰতৰ প্ৰতিও অশনি সংকেত সৃষ্টি হোৱাটো বুৰুপ। এই অধ্যয়ন সম্পন্ন কৰা আন্তর্জাতিক গৱেষকৰ দলটোত ভাৰতৰ উত্তৰাঞ্চল আৰু দিল্লীৰ জেএনইউৰ গৱেষকো আছে।
তেওঁলোকে হিমালয়কে ধৰি এছিয়াৰ সুউচ্চ পর্বতসমূহৰ লগতে আল্পছৰো উষ্ণতা বৃদ্ধি সম্পৰ্কীয় শেহতীয়া তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰে। তাৰ জৰিয়তে পোৱা তথ্যৰ জৰিয়তে প্রমাণ হৈছে যে বিগত সাত দশক ধৰি পৰ্বতসমূহৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে। লক্ষ্যণীয়ভাবে এই দশককেইটাত পৃথিবীৰ বিভিন্ন স্থানত ঔদ্যোগীকৰণৰ গতি অধিক দ্রুত হৈ উঠে।






























