Himanta Biswa Sarma:
অসম বিধানসভাৰ পাঁচদিনীয়া শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিন৷ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হোৱা সদনৰ কামকাজৰ মাজতে বহু বিবাহ বিৰোধী আইন গৃহিত হোৱা সন্দৰ্ভত বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এই আইন খনৰ সমৰ্থনত কেতবোৰ ইতিবাচক মন্তব্য প্ৰকাশ কৰে ৷ ইয়াৰ মাজতে তেওঁ কয় যে,মই পুনৰ মুখ্যমন্ত্ৰী হ’লে মহিলাৰ নূন্যতম বিবাহৰ বয়স ২১ লৈ বৃদ্ধি কৰিম ৷
ADVERTISEMENT
একেদৰে সদনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,মই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’লে প্রথমেই অসমত ইউচিচি বলৱৎ কৰিম ৷ পৰৱৰ্তী চৰকাৰৰ প্ৰথমখন অধিৱেশনতে আহিব ইউচিচি বিধেয়ক I




































