Vladimir Putin:✒️ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।ঘোষণা কৰা হ’ল বহু প্ৰত্যাশিত পুটিনৰ ভ্ৰমণৰ তাৰিখ। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি অহা চাৰি ডিচেম্বৰত ভাৰতত উপস্থিত হ’ব পুটিন।
অহা পাঁচ ডিচেম্বৰলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও চলিত বৰ্ষত ভাৰত ভ্ৰমণৰ কথা আছিল।যদিও তেওঁৰ ভ্ৰমণ বাতিল হ’ল।
কিছু বিশেষজ্ঞৰ মতে আমেৰিকাৰ স’তে ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ প্রেক্ষিতত পুটিনৰ এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ । মোদীয়ে পুটিনক ভাৰতলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছিল।
সেই আমন্ত্ৰণ পূৰণৰ বাবে পুটিনে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ২৩ সংখ্যক ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব বুলি শুকুৰবাৰে পুৱা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিশ্চিত কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি, পুটিনক দেশলৈ স্বাগতম জনাব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাবে সুকীয়া ভোজৰো আয়োজন কৰিছে। তদুপৰি মোডী আৰু পুটিনৰ মাজত হ’ব দ্বিপাক্ষিক বৈঠক ।
ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু কৌশলগত সহযোগিতা আৰু অধিক শক্তিশালী হ’ব বুলি নতুন দিল্লী আশাবাদী। ইয়াৰ উপৰিও দুয়োগৰাকী নেতাই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়তো আলোচনা কৰিব পাৰে।






























