Accident:
শুকুৰবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে এগৰাকী স্কুলীয়া ছাত্ৰীৰ ৷ গোৱালপাৰাৰ জলেশ্বৰ পথত টিউচনলৈ বুলি গৈ থকা অৱস্থাত ই-ৰিক্সাই খুন্দিয়াই নৱম শ্ৰেণীৰ ছাত্ৰী চুলতানা ৰেজিয়াক । গুৰুতৰভাৱে আহত ছাত্ৰী গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ৷ মেধাৱী ছাত্ৰী গৰাকীৰ কৰুণ মৃত্যুত শোকৰ ছাঁ পৰে জলেশ্বৰত ৷
ADVERTISEMENT




































