Fever:✒️শীতৰ আগমন তথা পৰিৱেশ পৰিৱৰ্তনৰ সময়তে চর্দি-কাহৰ পৰা আৰম্ভ কৰি ভাইৰেল ফিভাৰ, ডেংগু আদিয়ে আতংক বৃদ্ধি কৰিছে। অধিকাংশ ক্ষেত্ৰতে ৰক্ত পৰীক্ষাৰ পূৰ্বে জ্বৰৰ কাৰণ বুজিব নোৱৰা হৈছে। এই সময়তে দেশৰ বিভিন্ন স্থানত এক নতুন আতংকই দেখা দিছে। এই নতুন আতংকৰ নাম হৈছে ‘স্ক্রেব টাইফাছ’।
জনা গৈছে যে বিগত দুমাহত ১৫ দিন ধৰি প্ৰৱল জ্বৰ, গা-ভৰি-হাতৰ বিষ আদি লৈ বহু সংখ্যক লোকে চিকিৎসাধীন হ’বলগীয়া হৈছে।’স্ক্রেব টাইফাছ’ নামৰ সৃষ্টি হৈছে গ্রীক শব্দ টাইফাছৰ পৰা, যাৰ অৰ্থ হৈছে অস্পষ্ট বা ধূসৰ। ট্রম্বিকিউলিড মাইট্ছ বা চিকৰাৰ দৰে পৰজীবী মকৰাৰ কামোৰৰ পৰা এই ৰোগৰ জীৱাণু সংক্রমিত হয়।
এইবিধ কীটৰ আকাৰ ০.২ মিলিমিটাৰৰ পৰা ০.৪ মিলিমিটাৰ পৰ্যন্ত হয়। ‘স্ক্রেব টাইফাছ’ হৈছে এবিধ বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ। প্রধানকৈ ‘ওৰিয়েনছিয়া ছুছুগামুছি’ নামৰ বেক্টেৰিয়াই এই ৰোগৰ বাবে দায়ী।
আমাৰ দেশৰ কৃষিজীবী লোক এই জাতীয় মকৰাৰ স’তে ভালদৰে পৰিচিত। কিয়নো এই কীট প্রধানকৈ ধানখেতি আৰু সৰু জোপোহাত থাকে। এন্দুৰ, কুকুৰ, মেকুৰী বা অন্যান্য ঘৰচীয়া প্ৰাণীৰ শৰীৰতো সচৰাচৰ বাহ লয়।
এনে প্রাণীৰ কোনো সমস্যা নহয়। কিন্তু মানুহৰ শৰীৰত দংশন কৰিলেই বিপদ। প্ৰৱল জ্বৰ হ’ব। দংশন কৰা স্থানত পোক পৰিব আৰু ফোহা উঠিব। দংশনৰ ১০ৰ পৰা ১৪ দিনৰ ভিতৰত মূৰত জ্বৰ উঠে।
সঠিক সময়ত চিকিৎসা নকৰালে বিভিন্ন অংগ বিকল হৈ মৃত্যু পর্যন্ত হ’ব পাৰে। ভয়ানক কথা যে এই ৰোগক বহুতে টাইফয়েড বুলি ভুল কৰে। সেয়ে প্রায়ে ভুল চিকিৎসাও হয়। ৰক্ত পৰীক্ষাতো সহজে ধৰা নপৰে। ইয়াতে সমস্যা বাড়ে। এই ৰোগে শৰীৰত বাহ ল’লে যকৃৎ আৰু প্লীহা ডাঙৰ হৈ পৰে।
তেতিয়া ৰক্ত পৰীক্ষা কৰিলে নিশ্চিত হ’ব পাৰি। এই ৰোগত আক্ৰানত হ’লে প্ৰৱল জ্বৰ, গাৰ বিষৰ সমান্তৰালকৈ গোপনাংগত চিগাৰেটৰ দাগৰ দৰে দাগ দেখা যায়।
ডেংগুৰ স’তে স্ক্রেব টাইফাছৰ লক্ষণৰ বহু মিল আছে। এই ক্ষেত্রত সতর্কতা অৱলম্বন কৰা উচিত। খালী ভৰিৰে খোজকঢ়াৰ অভ্যাস পৰিহাৰ কৰিব লাগিব। ঘৰ, বিছনা, বিছনা চাদৰ-গাৰু আদি ৰ’দত শুকুৱাব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগিব। জুৰ তিনিদিনৰ বেছি থাকিলেই পলম নকৰি চিকিৎসকৰ কাষ চাপিব লাগে।






























