ৰেল যোগে যাত্ৰা… মানে মাথোঁ গন্তব্যলৈ যোৱাই নহয়, এই যাত্রাটোৱেই হয় এক বিশেষ অনূভৱ। চকুত পৰে পথৰ দুয়োপাৰৰ সুন্দৰ প্রকৃতি, আৰু মনৰ কোণত থৈ যায় অচিনাকি মানুহৰ কেইটামান মিঠা তিতা গল্প।
আহক, জানো পৃথিৱীৰ কেইটামান আটাইতকৈ দীঘল আৰু মনোমোহা ৰেল পথৰ কথা।
ন হেজাৰ ২৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ট্রান্স-সাইবেৰিয়ান ৰেলৱে—বিশ্বৰ আটাইতকৈ দীঘল ৰেল পথ। মস্কোৰ পৰা প্ৰশান্ত মহাসাগৰৰ পাৰলৈকে সাত দিনৰ এই যাত্ৰাই—এজন যাত্ৰীক উপহাৰ দিয়ে এটা সুন্দৰ যাত্ৰা।
মস্কো টু বেইজিং — ৰাছিয়া–চীন সংযোগী পথ
মস্কোৰ পৰা বেইজিংলৈ : ৰাছিয়া আৰু চীনৰ মাজত এই ৰেলপথ বিস্তৃত। ইয়াৰ দৈৰ্ঘ্য ৮,৯৮৬ কিলোমিটাৰ। তুন্দ্ৰা জলবায়ুৰ শীতল শুষ্ক জলবায়ুৰ পৰা আৰম্ভ কৰি চীনৰ নাতিশীতোষ্ণ জলবায়ু অঞ্চললৈকে। এই দীঘলীয়া যাত্ৰাই আপোনাৰ মনটো সতেজ কৰি তুলিব।
কানাডিয়ান ৰেলপথ (কানাডা)
উত্তৰ আমেৰিকাৰ কানাডাত থকা এই ৰেলপথটোও অতি মনোৰম। ৪৪৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথটো শীতল টৰন্টোৰ পৰা ব্ৰিটিছ কলম্বিয়াৰ সুন্দৰ পৰিৱেশলৈকে বিস্তৃত। সম্পূৰ্ণ ৰেলপথ ভ্ৰমণ কৰিবলৈ চাৰিদিন সময় লাগে।
চাঙহাই–লাছা (চীন–তিব্বত)
এই ৰেলপথ তিব্বতৰ লাছাৰ পৰা চীনৰ চাংহাইলৈকে বিস্তৃত। ৰেলপথৰ দৈৰ্ঘ্য প্ৰায় ৪,৩৭৩ কিলোমিটাৰ। এই ৰেলপথ তিব্বতৰ মালভূমিৰ ওপৰেৰে বিস্তৃত। সমগ্ৰ পথটো অতিক্ৰম কৰিবলৈ প্ৰায় ৪৭ ঘণ্টা সময় লাগে।
অষ্ট্ৰেলিয়াৰ ইণ্ডিয়ান পেছিফিক ৰেলপথ
এই ৰেলপথ অষ্ট্ৰেলিয়াত অৱস্থিত। এই ৰেলপথ ছিডনী বন্দৰৰ পৰা ভাৰত মহাসাগৰৰ কাষেৰে বিস্তৃত। ৰেলপথৰ দৈৰ্ঘ্য প্ৰায় ৪,৩৫২ কিলোমিটাৰ। ৪ দিন লাগে।
বিবেক এক্সপ্ৰেছ ভাৰত:
ভাৰতৰ ভিতৰতে এইখন আটাইতকৈ দীঘল ৰেল। অসমৰ পৰা আৰম্ভ কৰি কন্যাকুমাৰীলৈ যায়। ৰেলপথৰ মুঠ দৈৰ্ঘ্য ৪,২৭৩ কিলোমিটাৰ। সমগ্ৰ পথটো অতিক্ৰম কৰিবলৈ প্ৰায় ৮২ ঘণ্টা সময় লাগে।






























