Nalbari:
এনএইছএমৰ আন্দোলনৰত কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰস্থিতি গ্ৰহণ কৰি ইতিমধ্যে দৰ্মহা কৰ্তনৰ নিৰ্দেশনা জাৰি কৰাৰ মাজতে নলবাৰীৰ ছয়জনকৈ চিকিৎসকক চাকৰিৰ পৰা অব্যাহতি দিয়া হয় ৷
অব্যাহতি নিৰ্দেশ লাভ কৰা এনএইছএমত কৰ্মৰত চিকিৎসক ছয় গৰাকী হ’ল ঘগ্ৰাপাৰ প্ৰাথমিক খণ্ড চিকিৎসালয়ৰ অন্তৰ্গত ডা: পৰিস্মিতা মালাকৰ, ডা: দিগাংগনা তালুকদাৰ, চামতা খণ্ড প্রাথমিক চিকিৎসালয়ৰ অন্তৰ্গত ডা: আক্রাম হুছেইন , মুকালমুৱা খণ্ড প্রাথমিক চিকিৎসালয়ৰ অন্তৰ্গত ডা:সাগৰিকা কাশ্যপ,ডা: অংকুৰজ্যোতি বৈশ্য আৰু ডা: চাইদুল ইছলাম ৷
উল্লেখ্য যে তেওঁলোকৰ সেৱাকাল স্বাস্থ্য বিভাগে বৃদ্ধি নকৰি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিয়া হয় বুলি সদৰি কৰে নলবাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ে ৷




































