Rupahihat Accident:
নগাঁৱৰ জিলাৰ ৰূপহীহাটত নিশা ভয়ংকৰ দুৰ্ঘটনা। এখন মটৰ চাইকেলক মহতিয়াই নিয়ে অচিনাক্ত বাহনে ৷ থিতাতে প্ৰাণ গ’ল বাইক খনৰ আৰোহী দুই ভাতৃ সহ তিনিজনৰ ৷ মৃত ভাতৃদ্বয় হ’ল মেহেদী আলম, ছাকিল আহমেদ ৷ আনজনৰ নাম ৰাজদুল হক ৷ তিনিওৰে ঘৰ ৰূপহীহাটৰ কাঞ্চনপুৰ গাঁৱত ৷ নিশাই আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে
অচিনাক্ত বাহন খনৰ সন্ধানত অভিযান চলাইছে ৷
ADVERTISEMENT




































