Bank:✒️কেন্দ্রীয় চৰকাৰে দেশত ৰাজহুৱা খণ্ডৰ বেংকৰ পুনৰ চামিলকৰণৰ প্ৰস্তুতি চলাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি, কেন্দ্ৰৰ চৰকাৰে এক নতুন পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু ইয়াৰ জৰিয়তে বিত্তীয় বর্ষ ২০২৭ৰ ভিতৰত ভাৰতত চৰকাৰী বেংকৰ সংখ্যা বৰ্তমানৰ ১২ টাৰ পৰিৱৰ্তে মাত্ৰ চাৰিটালৈ হ্রাস কৰিব বিচাৰিছে।
এই পৰিকল্পনাৰ অধীনত ভাৰতীয় ষ্টেট বেংক, পঞ্জাব নেচনেল বেংক, বেংক অব বৰোডা আৰু কানাড়া-ইউনিয়ন বেংক চামিলকৰণ কৰা হ’ব। চৰকাৰী বেংকৰ বেলেন্সশ্বিট শক্তিশালী কৰিবলৈ চৰকাৰে পুনৰ ৰাজহুৱা বেংকৰ একত্ৰিকৰণ তথা চামিলকৰণ কৰিব বিচাৰিছে।
সূত্ৰৰ খবৰ অনুসৰি চৰকাৰে কানাড়া বেংক আৰু ইউনিয়ন বেংক অব ইণ্ডিয়াৰ চামিলকৰণৰ দিশত সক্রিয় হৈছে। এই চামিলকৰণৰ জৰিয়তে চাৰিটা মুখ্য চৰকাৰী বেংকক এটাত পৰিণত কৰাৰ সম্ভাৱনা আছে।
ইয়াৰ লগতে ইণ্ডিয়ান বেংক আৰু ইউকো বেংককো একেদৰে একত্ৰিত কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছে। মধ্যম আকাৰৰ বেংক যেনে ইণ্ডিয়ান অভাৰচীজ বেংক, চেন্ট্রেল বেংক অব ইণ্ডিয়া, বেংক অব ইণ্ডিয়া আৰু বেংক অব মহাৰাষ্ট্ৰক স্টেট বেংক অব ইণ্ডিয়া, পঞ্জার নেচনেল বেংক বা বেংক অব বৰোডাৰ স’তে একত্রিত তথা চামিলকৰণ কৰাৰ সম্ভাৱনা আছে।
পঞ্জাৱ আৰু সিন্ধ বেংকৰ সন্দর্ভত বর্তমানলৈকে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই। এই বেংকটোও আন চাৰি বৃহৎ বেংকৰ এটাৰ স’তে চামিল কৰা হ’ব পাৰে। কেন্দ্ৰৰ এই পৰিকল্পনা বাস্তৱত কাৰ্যকৰী হ’লে দেশত চৰকাৰী বেংকৰ সংখ্যা চাৰিটালৈ হ্রাস পাব।
