Closed:✒️ভাৰতীয় কর্প’ৰেট জগতত স্টার্টআপৰ সফলতাৰ মাজতে এক হতাশজনক তথ্য পোহৰলৈ আহিল। তথ্য অনুসৰি যোৱা পাঁচ বছৰত দেশত ২,০৪,২৬৮ টা ব্যক্তিগত কোম্পানী বন্ধ হ’ল।
লোকসভাত কেন্দ্ৰৰ চৰকাৰে এই তথ্য দাখিল কৰিলে। কর্প’ৰেট বিষয়ৰ ৰাজ্যমন্ত্রী হর্ষ মলহোত্রাই আজি লোকসভাত এই তথ্য দাখিল কৰি এক লিখিত প্ৰশ্নৰ উত্তৰত কয় যে ২০২২-২৩ বিত্তীয় বর্ষত দেশত সর্বাধিক ৮৩,৪৫২ টা কোম্পানী বন্ধ হৈছিল।
একেদৰে ২০২১-২২ বিত্তীয় বর্ষত ৬৪,০৫৪ কোম্পানী বন্ধ হৈছিল। ২০২০-২১ বিত্তীয় বর্ষত দেশত ১৫,২১৬ টা কোম্পানী বন্ধ হৈছিল। একেদৰে ২০২৪-২৫ বিত্তীয় বর্ষত বর্তমানলৈকে দেশত ২০,৩৬৫ টা কোম্পানী বন্ধ হ’ল।
২০২৩-২৪ বিত্তীয় বর্ষত ২১,১৮১ টা কোম্পানী বন্ধ হৈছিল। মন্ত্রীজনে সদৰী কৰা অনুসৰি দেশত কোম্পানী বন্ধ হোৱাৰ কাৰণ কেৱল বিত্তীয় ঘাটি নহয়। একাধিক কাৰণত বিভিন্ন কোম্পানী বন্ধ হোৱাৰ লগতে একাংশ কোম্পানীৰ একত্ৰিকৰণ বা চামিলকৰণো হৈ আহিছে। বন্ধ হোৱা কোম্পানীৰ মাজত ভুৱা কোম্পানীও আছে ।






























